BTR NEWS

কুমাৰীকাটাত পথ দুৰ্ঘটনাত হতাহত দুই

Telegram

কুমাৰীকাটাত পথ দুৰ্ঘটনাত হতাহত দুই

 

তামুলপুৰ, ১৬ জুনঃ

 

তামুলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত গোপীনাথপুৰত কালি নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত এগৰাকী লোক ঠিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ বিষয়ে জানিব পৰা মতে তামুলপুৰ জিলাৰ দ্বাৰকুছী গোপালপুৰৰ বানেশ্বৰ দাস নামৰ লোকগৰাকীয়ে গোপীনাথপুৰত থকা জীয়ৰিৰ ঘৰৰ পৰা কুমাৰীকাটা বজাৰ অভিমুখে খোজকাঢ়ি গৈ থকা অৱস্থাত এএছ ০১ এফটি ২০২৬ নম্বৰৰ মটৰচাইকেল এখনে পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুণ্ডা মাৰে। দুৰ্ঘটনাটোত বানেশ্বৰ দাস (৭৫) নামৰ লোকজন ঠিতাতে নিহত হোৱাৰ লগতে মটৰচাইকেল আৰোহী কুদ্দুছ আহমেদে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কুদ্দুছ আহমেদক উন্নত চিকিৎসাৰ বাবে নলবাৰী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।

Exit mobile version