কুমাৰীকাটাত তামুলপুৰ জিলা কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন আৰু কুমাৰীকাটা আঞ্চলিকৰ দ্বি বাৰ্ষিক অধিৱেশনৰ সফল সামৰণিঃ
তামুলপুৰ,০৩ ফেব্ৰুৱাৰীঃ
তামুলপুৰ জিলাৰ কুমাৰীকাটাত স্থানীয় কুমাৰীকাটা বাৰোৱাৰী দুৰ্গা মন্দিৰ প্ৰাংগণত ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত
সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ অন্তৰ্গত তামুলপুৰ জিলা কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন আৰু কুমাৰীকাটা আঞ্চলিক কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন ১ ফেব্ৰুৱাৰীত সফল সামৰণি পৰে ৷ শনিবাৰে পুৱা ১১বজাত অনুষ্ঠিত হয় মুকলি সভা ৷ তামুলপুৰ জিলা কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সভাপতি বিশ্বজিৎ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে বিটিআৰৰ দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ জনপ্ৰিয় এম চি এল এ বিজিত গৗৰা নাৰ্জাৰীয়ে ৷
আদৰণি ভাষণ আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ সভাপতি তথা তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে ৷ আদৰণি ভাষণত তেওঁ কয়–আমাৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে ৷ কলিতা আলপাইন জনগোষ্ঠীৰ জনজাতিকৰণ এটা দীৰ্ঘদিনীয়া সমস্যা ৷এই সমস্যাটো ৰাষ্ট্ৰীয় পৰ্যায়ত আছে ৷ বিটিআৰ চৰকাৰে এইটো সমাধান কৰাটো ইমান সহজ নহয় কিন্তু সমস্যাটো সমাধানৰ বাবে আমি চেষ্টা কৰিব লাগিব ৷ ভাৰতৰ স্বাধীনতাৰ পিছত কোনো ব্যক্তিয়ে আগতীয়াকৈ সমস্যাটো সমাধানৰ বাবে আগবাঢ়ি নাহিল৷ কিন্তু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা জৰিয়তে এই সমস্যা সমাধানৰ চেষ্টা কৰি আছে ৷শেহতীয়াকৈ বিটিআৰ চৰকাৰেও মিছন বসুমতিৰে ভূমি সমস্যাৰ সমাধানৰ বাবে হাতত লৈছে ৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়ন কলিতাই কয়– সংৰক্ষণ ব্যৱস্থাই কলিতা সকলক পংগু কৰিছে ৷ আমি উন্নত নহয় অথচ
আমি কলিতা জাতিৰ লোক সকলে উন্নত জাতিৰ পৰিচয় দি ভাল পাওঁ ৷ সংৰক্ষণ ব্যৱস্থাৰ বাবে আমাৰ অধিকাংশই আগবাঢ়িব পৰা নাই ৷ কলিতা আলপাইন জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবীটো আজিও পূৰণ নোহোৱাত আক্ষেপ প্ৰকাশ কৰি তেওঁ কয় জনজাতি হ’বৰ বাবে চৰকাৰে বান্ধি দিয়া ৬ টা যি চৰ্ত দিছে সেয়া আমাৰ আছে ৷ আমি অতি পুৰণি জাতি বুলি দাবী কৰি তেওঁ পুণৰ কয় আমি কুমাৰ ভাস্কৰ বৰ্মাৰ বংশধৰ ৷ আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ লগত বিলীন হৈ আমাৰ নিজস্বতা হেৰুৱাই পেলাইছো ৷ ফলত আমি ৰাজনৈতিক, অৰ্থনৈতিক ভাৱে আগবাঢ়িব পৰা নাই ৷ ইফালে সভাপতিৰ ভাষণত বিশ্বজিৎ ডেকাই নিজৰ আজোককাৰ দিনৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতি সমূহ যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিবলৈ নৱ প্ৰজন্মক আহ্বান জনাই নিজৰ সন্তানক আধুনিক শিক্ষাৰে শিক্ষিত কৰি স্বজাতিৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়৷ কলিতা জনগোষ্ঠীৰ লোকসকল সংকটৰ গৰাহত বুলি উল্লেখ কৰি তেওঁ জাতিটোৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে ইতিহাস সম্পৰ্কে অধ্যয়ন কৰিবলৈ আহ্বান জনায়৷ নিজৰ মাজত খাম খেয়ালি,ভেদাভেদ এৰি সকলোকে ঐক্যবদ্ধ ভাৱে কাম কৰি যাবলৈ মুকলিকৈ তেওঁ সকলোলৈ আহ্বান জনায় ৷ কেবা সহস্ৰাধিক জনগোষ্ঠীৰ লোক উপস্থিত থকা সভাখনত কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি কণোৰাম কলিতা, তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীও ভাষণ প্ৰদান কৰি ৰাইজক আপ্লুত কৰে৷ মুকলি সভাৰ মাজতে কলিতা আলপাইন জনগোষ্ঠীৰ এখন মুখপত্ৰ উন্মোচন কৰা হয় ৷ মুখপত্ৰ উন্মোচন কৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকাই ৷ মুকলি সভাত তামুলপুৰ জিলা কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ উপদেষ্টা ব্ৰজেন্দ্ৰ নাথ ডেকা,কলিতা উন্নয়ন পৰিষদৰ সদস্য ভূপেন্দ্ৰ কলিতা,সাংগঠনিক সম্পাদক বিপুল লহকৰ,প্ৰচাৰ সম্পাদক নৃপেন বৰা আদি উপস্থিত থাকে৷ * ইফালে ৩১ জানুৱাৰীত অনুষ্ঠিত প্ৰতিনিধি সভাত ভূপেন্দ্ৰ কলিতাক সভাপতি ,মুকুট কাৰ্জীক সাধাৰণ সম্পাদক হিচাপে তামুলপুৰ জিলা সমিতি আৰু অধৰ দেউৰীক সভাপতি আৰু নিৰঞ্জন দাসক সাধাৰণ সম্পাদক হিচাপে লৈ কুমাৰীকাটা আঞ্চলিক কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নতুন সমিতিখন গঠন কৰা হয় ৷