কুমাৰীকাটাত তামুলপুৰ জিলা কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন আৰু কুমাৰীকাটা আঞ্চলিকৰ দ্বি বাৰ্ষিক অধিৱেশন আৰম্ভঃ

  • Current
  • January 31, 2025
  • 0 Comments
Telegram

কুমাৰীকাটাত তামুলপুৰ জিলা কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন আৰু কুমাৰীকাটা আঞ্চলিকৰ দ্বি বাৰ্ষিক অধিৱেশন আৰম্ভঃ

 

তামুলপুৰ,২৯ জানুৱাৰীঃ

 

সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ অন্তৰ্গত তামুলপুৰ জিলা কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন আৰু কুমাৰীকাটা আঞ্চলিক কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন আজিৰে পৰা ১ ফেব্ৰুৱাৰীলৈ দুদিনীয়া কাৰ্যসূচীৰে কুমাৰীকাটা বাৰোৱাৰী দুৰ্গামন্দিৰ প্ৰাংগণত আৰম্ভ হয় ৷ আজি পুৱা ৮:০০বজাত পৰিৱেশ নিকাকৰণ,৯:০০ বজাত অনুষ্ঠিত হয় পতাকা উত্তোলন ৷

 

পতাকা উত্তোলন কাৰ্যসূচীত অভ্যৰ্থনা সমিতিৰ সভাপতি তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী,তামুলপুৰ জিলা কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সভাপতি বিশ্বজিত ডেকা,কুমাৰীকাটা আঞ্চলিকৰ সভাপতি গিৰিধৰ কলিতা,তামুলপুৰ আঞ্চলিক সমিতিৰ সভাপতি গৌতম কলিতাকে ধৰি প্ৰতিখন আঞ্চলিক সমিতিৰ সভাপতিয়ে পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ পুৱা ১০ বজাত অনুষ্ঠিত হয় স্মৃতি তৰ্পণ কাৰ্যসূচী৷ এই কাৰ্যসূচীত সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মোহন কলিতা,অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক মদন চন্দ্ৰ কলিতা, কুমাৰীকাটা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক পদুম লহকৰকে ধৰি প্ৰতিখন আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকে অংশগ্ৰহণ কৰে ৷ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা তামুলপুৰ জিলা কলিতা আলপাইন জনগোষ্ঠী সন্মিলন, কুমাৰীকাটা আঞ্চলিক কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ প্ৰতিনিধি সভাখন উদ্বোধন কৰে কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিতেশ বায়নে ৷ সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বালন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ বন্তি প্ৰজ্বালন কাৰ্যসূচীত হাজাৰা গাঁও শাখা সত্ৰৰ পাঠক অজিত কলিতা,কুমাৰীকাটা শাখা সত্ৰৰ পাঠক মধু মহন্ত পাঠককে ধৰি বহু কেইটা শাখা সত্ৰৰ পাঠক আৰু বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷

  • Related Posts

    • Current
    • September 13, 2025
    • 5 views
    • 1 minute Read
    সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    Telegram

    TelegramTweetসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বক্তব্যত অসমৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰিলে। বক্তৃতাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত *“অগ্নি যুগৰ…

    • Current
    • September 13, 2025
    • 5 views
    • 1 minute Read
    গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ

    Telegram

    TelegramTweetগৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ   মিত্ৰতাৰ সন্দৰ্ভত APCC সভাপতি গৌৰৱ গগৈৰ উত্তৰৰ প্ৰতি কটাক্ষ কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *