কুমাৰীকাটাত এম এল এ কাপ ভলীবল প্ৰতিযোগিতাৰ সামৰণি

Telegram

কুমাৰীকাটাত এম এল এ কাপ ভলীবল প্ৰতিযোগিতাৰ সামৰণি

 

উত্তৰ প্ৰদেশ ওৱাৰিওৰ চূড়ান্ত বিজয়ী

 

তামুলপুৰ,০৬ ফেব্ৰুৱাৰী-

তামুলপুৰ জিলাৰ কুমাৰীকাটাত ৪ ক্ষেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ অনুস্থিত হোৱা এম এল এ কাপ ভলীবল প্ৰতিযোগিতাৰ কালি নিশা সফল সামৰণি পৰে ৷ কে’বাসহস্ৰাধিক দৰ্শকৰ উপস্থিতিত কালি নিশা অনুস্থিত তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেল খনত উত্তৰ প্ৰদেশ ওৱাৰিওৰে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ভলীবল দলক ৩-১ চেটত পৰাস্ত কৰি চূড়ান্ত খিতাপ দখল কৰে ৷

তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ বিশেষ উদ্যোগত অনুস্থিত আমন্ত্ৰণ মূলক দিবা নৈশ ভলীবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন উদ্ধোধন কৰে তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰবৰ্তীয়ে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ উপ-মুখ্য কাৰ্যনিৰ্বাহক সদস্য গোবিন্দ বসুমতাৰী,অধ্যক্ষ কাতিৰাম বড়ো,এমচিএলএ পবিত্ৰ কুমাৰ বড়ো, মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভা লগতে কে’বাগৰাকী বিশিষ্ট লোক ৷ খেলৰ অন্তত বঁটা বিতৰণ কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে ৷ বিজয়ী দলে লাভ কৰে ট্ৰফী, এটিকৈ স্মাৰক সহ ত্ৰিশ হাজাৰ নগদ ধন ৷ বিজিত দলক প্ৰদান কৰা হয় ট্ৰফী,নগদ বিশ হাজাৰ টকা ৷ প্ৰতিযোগীতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বটা লাভ কৰে বিদ্যুৎ পৰিষদৰ প্ৰশান্ত বায়ণে ৷ উল্লেখ্য যে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ বিশেষ উদ্যোগত প্ৰথম বাৰৰ বাবে অনুস্থিত ভলীবল প্ৰতিযোগীতা খনিত ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ আগশাৰীৰ আঠটাকৈ দলে অংশ গ্ৰহণ কৰে ৷

  • Related Posts

    তামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ

    Telegram

    TelegramTweetতামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ   তামুলপুৰ,২০ জুলাইঃ   তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় বাৰ্ষিক…

    BCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।

    Telegram

    TelegramTweetBCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।     📊 আয়ৰ အေাৱৰণ:   সৰ্বমুঠ উপাৰ্জন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *