কুঁৱলীময় বতৰৰ পৰিপ্ৰেক্ষিতত ৰেল সেৱাৰ বাতিলকৰণ আৰু চলাচলৰ ফ্ৰীকুৱেন্সী হ্ৰাস
মালিগাওঁ, ১১ ডিচেম্বৰ, ২০২৪
আগন্তুক কুঁৱলীময় বতৰৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীৰ সুৰক্ষা আৰু পৰিচালন দক্ষতা নিশ্চিত কৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰে’ল সেৱাৰ বাতিলকৰণ আৰু চলাচলৰ ফ্ৰীকুৱেন্সী হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শীতৰ মাহবোৰত কুঁৱলীময় বতৰৰ ফলত প্ৰায়ে দৃশ্যমানতা হ্ৰাস হৈ পৰে, যাৰ ফলত ৰেল চলাচলৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হয়, পৰিণামস্বৰূপে গতিবেগৰ সীমাবদ্ধতা প্ৰয়োগ আৰু সুৰক্ষাৰ দিশত হব পৰা বিপদাশংকাৰ বাবে ৰেল চলাচলত পলম হয়। এই প্ৰত্যাহ্বানসমূহ লাঘৱ কৰাৰ অৰ্থে আৰু সুৰক্ষাৰ মানদণ্ড বজাই ৰাখিবলৈ ৰে’লৱেই নিম্ন অনুসাৰে নিম্নলিখিত ৰেলসমূহ নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে:
ৰেল সেৱাৰ বাতিলকৰণ:
১। ৰেল নং ১৫৯০৩ (ডিব্ৰুগড়- চণ্ডীগড়) এক্সপ্ৰেছ প্ৰতি সোমবাৰ আৰু শুক্ৰবাৰে ২৮ ফেব্ৰুৱাৰী, ২০২৫ লৈকে বাতিল থাকিব।
২। ৰেল নং ১৫৯০৪ (চণ্ডীগড় – ডিব্ৰুগড়) এক্সপ্ৰেছ প্ৰতি বুধবাৰ আৰু দেওবাৰে ০২ মাৰ্চ, ২০২৫ লৈকে বাতিল থাকিব।
৩। ৰেল নং ১৫৬২০ (কামাখ্যা – গয়া) এক্সপ্ৰেছ প্ৰতি সোমবাৰে ২৪ ফেব্ৰুৱাৰী, ২০২৫ লৈকে বাতিল থাকিব।
৪। ৰেল নং ১৫৬১৯ (গয়া – কামাখ্যা) এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২৫ ফেব্ৰুৱাৰী, ২০২৫ লৈকে বাতিল থাকিব।
৫। ৰেল নং ১৫৬২১ (কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছ প্ৰতি বৃহস্পতিবাৰে ২৭ ফেব্ৰুৱাৰী, ২০২৫ লৈকে বাতিল থাকিব।
৬। ৰেল নং ১৫৬২২ (আনন্দ বিহাৰ টাৰ্মিনেল – কামাখ্যা) এক্সপ্ৰেছ প্ৰতি শুক্ৰবাৰে ২৮ ফেব্ৰুৱাৰী, ২০২৫ লৈকে বাতিল থাকিব।
ৰেল সেৱাৰ ফ্ৰীকুৱেন্সী হ্ৰাস:
১। প্ৰতি দেওবাৰ আৰু বুধবাৰে ০৮ জানুৱাৰী, ২০২৫ লৈকে ৰেল নং ১২৫০৫ (কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল) নৰ্থ ইষ্ট এক্সপ্ৰেছ বাতিল থাকিব। একেদৰে, প্ৰতি মঙলবাৰে আৰু শুক্ৰবাৰে ১০ জানুৱাৰী, ২০২৫ লৈকে ৰেল নং. ১২৫০৬ (আনন্দ বিহাৰ টাৰ্মিনেল – কামাখ্যা) নৰ্থইষ্ট এক্সপ্ৰেছ বাতিল থাকিব।
২। ৰেল নং ১৫৪৮৩ (আলিপুৰদুৱাৰ – দিল্লী) ছিকিম মহানন্দা এক্সপ্ৰেছ প্ৰতি বুধবাৰ আৰু শনিবাৰে ০৮ জানুৱাৰী, ২০২৫ লৈকে বাতিল থাকিব। একেদৰে, প্ৰতি শুক্ৰবাৰে আৰু সোমবাৰে ১০ জানুৱাৰী, ২০২৫ লৈকে ৰেল নং ১৫৪৮৪ (দিল্লী – আলিপুৰদুৱাৰ) ছিকিম মহানন্দ এক্সপ্ৰেছ বাতিল থাকিব।
৩। ৰেল নং ১২৫২৩ (নিউ জলপাইগুড়ী – নিউ দিল্লী) এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২৫ ফেব্ৰুৱাৰী, ২০২৫ লৈকে বাতিল থাকিব। একেদৰে, প্ৰতি বুধবাৰে ২৬ ফেব্ৰুৱাৰী, ২০২৫ লৈকে ৰেল নং ১২৫২৪ (নিউ দিল্লী– নিউ জলপাইগুড়ী) এক্সপ্ৰেছ বাতিল থাকিব।
৪। ৰেল নং ১৫৯০৯ (ডিব্ৰুগড় – লালগড় জংচন) অৱধ অসম এক্সপ্ৰেছ প্ৰতি শনিবাৰে ২২ ফেব্ৰুৱাৰী, ২০২৫ লৈকে বাতিল হৈ থাকিব। একেদৰে, ৰেল নং. ১৫৯১০ (লালগড় জংচন – ডিব্ৰুগড়) অৱধ অসম এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২৫ ফেব্ৰুৱাৰী, ২০২৫ লৈকে বাতিল থাকিব।