
বিটিআৰত বসবাস কৰা ৰাইজৰ দীৰ্ঘ দিনীয়া ভূমি আৰু ৰাজহ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে প্ৰমোদ বড়ো নেতৃত্বতাধীন পৰিষদীয় চৰকাৰৰ এক পদক্ষেপ এই Mission Bwiswmuti.
এই Mission Bwiswmuti অনলাইন আবেদনৰে প্ৰথম প্ৰক্ৰিয়া আৰম্ভণি। ইয়াৰ সম্পন্ন তথ্য website https://sewasetu.assam.gov.in/dashboard/aggrigated-service/100194 উপলব্ধ।
জানিব পৰা মতে প্ৰমোদ বড়ো নেতৃত্বতাধীন পৰিষদীয় চৰকাৰ গঠনৰ পিছতে ভূমি আৰু ৰাজহৰ সমস্যাৰ সৈতে জড়িত বিটিআৰত বসবাস কৰা প্ৰায় ১,০০,১৪১টা অনলাইন আবেদন কৰিছিল তাৰ ভিতৰত বৰ্তমান ৮০,০৭৩টা ভূমি সম্পৰ্কীয় গোচৰ মিছন বইছৱমুথি ১.০ পৰ্টেলৰ জৰিয়তে সমাধান হৈছে।
তাৰ উপৰিও ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত চৰকাৰ খনে বিটিআৰৰ জনসাধাৰণৰ ১,০০,০০০ ভূমি সম্পৰ্কীয় সমস্যাৰ সমাধান নিশ্চিত কৰা দিশে অগ্ৰসৰ হৈছে বুলি জানিব পৰা গৈছে।
ভূমিৰ অভিলেখ ডিজিটেলাইজ কৰা উত্তৰ-পূবৰ প্ৰথমখন পৰিষদ হোৱাৰ বাবে বিটিচিয়ে নাগৰিকসকলক নিৰৱচ্ছিন্ন ডিজিটেল ভূমি আৰু ৰাজহ সেৱা আগবঢ়াই আহিছে, আৰু ভূমি সম্পৰ্কীয় সকলো সমস্যা অনলাইন যোগে সমাধানৰ প্ৰস্তাৱ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে চৰকাৰ খনে।
তাৰ বাবে জিলা তথা নিকটৱৰ্তী মহকুমাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে।