কামপুৰ ষ্টেচনত নতুন ৰোড অভাৰ ব্ৰীজ  যান-বাহন যাতায়তৰ বাবে লেভেল ক্ৰছিং গেট নং এছটি – ৩৫ বন্ধ 

Telegram

কামপুৰ ষ্টেচনত নতুন ৰোড অভাৰ ব্ৰীজ 

যান-বাহন যাতায়তৰ বাবে লেভেল ক্ৰছিং গেট নং এছটি – ৩৫ বন্ধ 

 

মালিগাওঁ, ০২ এপ্ৰিল, ২০২৫:

 

উত্তৰ-পূব সীমান্ত ৰে’লৱেই সফলতাৰে গুৰুত্বপূৰ্ণ ৰোড অভাৰ ব্ৰীজৰ (আৰওবি) নিৰ্মাণৰ কাম সম্পন্ন কৰা হৈছে, যিয়ে গুৱাহাটী – লামডিং খণ্ডৰ কামপুৰ ষ্টেচনত অৱস্থিত সেতু নং. ১১৪/এ লেভেল ক্ৰছিং গেট নং এছটি – ৩৫ ৰ পৰিৱৰ্তে স্থাপন কৰা হৈছে। গুৱাহাটী-লামডিং খণ্ডত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা দ্বৈত ৰেলপথৰ কামৰ ফলত ৰেল আৰু পথ দুয়োখন যাতায়তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত, লেভেল ক্ৰছিং গেট নং এছটি-৩৫ ৰ পৰিৱৰ্তে এখন আৰওবি নিৰ্মাণৰ অতি প্ৰয়োজন হৈছিল। এই প্ৰকল্পটো আনুমানিক ৬৪ কোটি টকা ব্যয়েৰে সম্পন্ন কৰা হৈছে।

 

নৱনিৰ্মিত আৰওবি খন অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩০ মাৰ্চ, ২০২৫ তাৰিখে উদ্বোধন কৰে আৰু এতিয়া জনসাধাৰণ ব্যৱহাৰৰ বাবে উপলব্ধ। ফলস্বৰূপে, ৬.৭০ লাখ ট্ৰেফিক ভেহিকেল ইউনিট (টিভিইউ) থকা এলচি গেট নং এছটি-৩৫ খন স্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে, যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অসুবিধা দূৰ হৈ আৰু এই অঞ্চলটোত ৰে’লৰ পৰিচালনৰ সুবিধাসমূহ বৃদ্ধি হোৱা পৰিলক্ষিত হব।

 

এই ৰোড অভাৰ ব্ৰীজখনৰ খনৰ মুঠ দৈৰ্ঘ্য ৮০৩ মিটাৰ, যাৰ ভিতৰত ৫০৫ মিটাৰ দৈৰ্ঘ্যৰ এটা ভায়াডাক্ট আৰু ৪২ মিটাৰ দৈৰ্ঘ্যৰ এখন বো স্ট্ৰিং গাৰ্ডাৰ স্প্যান অন্তৰ্ভূক্ত। ৭.৫ মিটাৰ প্ৰস্থৰ ৰাস্তাৰ সৈতে, এই ব্ৰীজে যানবাহনৰ সহজ গতি সুগম কৰাটো নিশ্চিত কৰি তুলিছে। এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ দ্বাৰা স্থানীয় যাত্ৰীসকলৰ বাবে নিৰৱচ্ছিন্ন পথ সংযোগ প্ৰদান কৰা হ’ব, যাৰ ফলত অধিক দ্ৰুত আৰু সুৰক্ষিত ভ্ৰমণ সক্ষম হ’ব। ইয়াৰ উপৰিও, ব্যস্ত লেভেল ক্ৰছিং বন্ধ হ’লে ৰে’লৰ সুৰক্ষা বৃদ্ধি হ’ব, বিলম্ব হ্ৰাস হ’ব আৰু এই গুৰুত্বপূৰ্ণ পথটোত ৰেল পৰিচালনৰ দিশত সামগ্ৰিক দক্ষতা উন্নত হ’ব।

 

লেভেল ক্ৰছিং গেটসমূহৰ অপসাৰণে ৰে’ল পৰিচালনাত সুৰক্ষা বৃদ্ধি কৰিব আৰু আৰওবিৰ জৰিয়তে পথযাতায়ত আৰু পথচাৰীসকলৰ গতি অধিক সুৰক্ষিত কৰিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেই সমগ্ৰ অঞ্চলটোত নিৰৱচ্ছিন্ন পৰিবহন, যাত্ৰীৰ সুবিধা আৰু সুৰক্ষা বৃদ্ধিৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। এই আৰওবি আৰম্ভ হোৱাৰ ফলত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ বাসিন্দাসকলৰ বাবে যথেষ্ট সা-সুবিধাসমূহ কঢ়িয়াই আনিব।

  • Related Posts

    Swachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission

    Telegram

    TelegramTweetSwachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission   Maligaon, 09th August, 2025:   In line with Indian Railways nationwide Swachhata Campaign launched in connection with…

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন 

    Telegram

    TelegramTweetউত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন    মালিগাঁও, ৩ আগষ্ট, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীৱাস্তৱে ৩০ জুলাই ২০২৫ তাৰিখে মালিগাঁওৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *