BTR NEWS

কাউলীত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তামুলপুৰ জিলা সমিতিৰ সাধাৰন সভা আৰু শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন

Telegram

কাউলীত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তামুলপুৰ জিলা সমিতিৰ সাধাৰন সভা আৰু শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন

ৰমেন দাস,তামুলপুৰ,১০ জুলাই-

তামুলপুৰ জিলাৰ কাউলীস্থিত শ্বহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত কালি আবেলি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন তামুলপুৰ জিলা সমিতিৰ এখন গুৰুত্ব পূৰ্ণ সাধাৰন সভা আৰু শপত গ্ৰহণ অনুস্থিত হয়৷ কাউলী আঞ্চলিক সমিতিৰ সহযোগত

অনুষ্ঠিত জিলা কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় উপ সভাপতি ব্ৰজগোপাল সৰকাৰে ৷ কাৰ্যনিৰ্বাহক সভাত মূলতঃ হিন্দু বাঙালী সকলৰ ডি ভোটাৰৰ সমস্যা, পিজিআৰ,ভিজিআৰ ভূমিত বসবাস কৰা লোকৰ ভূমিৰ সমস্যা ধৰি একাধিক বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ লগতে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷ উক্ত কাৰ্যনিৰ্বাহক সভাতে নৱ নিৰ্বাচিত তামুলপুৰ জিলা সমিতি খনে শপত গ্ৰহণ কৰে ৷ সভাপতি বিমল দাস,সাধাৰণ সম্পাদক অমৰজিৎ দেৱনাথ সহ ২১ জনীয়া নতুন সমিতি খনক শপত বাক্য পাঠ কৰোৱাই কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দিলীপ দাসে ৷ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তামুলপুৰ জিলা সমিতিৰ সাধাৰন সম্পাদক অমৰজিৎ দেৱনাথ আঁত ধৰা কালিৰ সাধাৰন সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰেন দাস, কাউলী অঞ্চলিকৰ সভাপতি জয়ন্ত বিশ্বাস, সাধাৰণ সম্পাদক বিপ্লৱ দাস সহ ৬ টাকৈ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক সহ অঞ্চলটোৰ কেবাগৰাকী বিশিষ্ট লোক সহ প্ৰায় ডেৰ শতাধিক সংগঠনৰ লোক উপস্থিত থাকে।

Exit mobile version