BTR NEWS

কাইলৈ ১৫ আগষ্ট স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ ঐতিহাসিক লালকিল্লাত দ্বাদশ বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Telegram

কাইলৈ ১৫ আগষ্ট স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ ঐতিহাসিক লালকিল্লাত দ্বাদশ বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০১৪ চনৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এইবাৰ হৈছে তেওঁৰ ১২তম স্বাধীনতা দিৱসৰ ভাষণ আৰু পতাকা উত্তোলন অনুষ্ঠান।

 

প্ৰচলিত নিয়ম অনুসৰি, প্ৰধানমন্ত্ৰীয়ে প্ৰথমতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰিব আৰু তাৰপাছত দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব। অনুষ্ঠানত সেনা, নৌ আৰু বিমান বাহিনীৰ জৱানৰ সৈতে শিক্ষার্থী, অতিথি আৰু বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

 

প্ৰধানমন্ত্ৰীৰ এইবাৰৰ ভাষণত আগন্তুক লোকসভা নিৰ্বাচন, ‘বিকশিত ভাৰত’ৰ দিশে পদক্ষেপ, অৰ্থনীতি, পৰিকাঠামো উন্নয়ন, আত্মনিৰ্ভৰ ভাৰত, লগতে সামাজিক সুৰক্ষা, মহিলাৰ ক্ষমতায়ন আদি বিষয় প্ৰধানভাৱে স্থান পোৱাৰ সম্ভাৱনা আছে।

 

ৰাষ্ট্ৰীয় ৰাজধানীৰ সুৰক্ষা ব্যৱস্থাও ইতিমধ্যে কঠোৰ কৰা হৈছে। লালকিল্লাৰ চাৰিওফালে বহুলসংখ্যক চি সি টিভি কেমেৰা, ড্ৰোন প্ৰতিৰোধ ব্যৱস্থা, আৰক্ষী আৰু পেৰামিলিটাৰী বাহিনী মোতায়েন কৰা হৈছে যাতে অনুষ্ঠান শান্তিপূৰ্ণভাৱে সম্পন্ন হয়।

 

Exit mobile version