কবি অনুভৱ তুলসীৰ বিয়োগত শোকপ্ৰকাশ আছুৰ তথ্য সম্পাদক ডুলুজিৎ দাসৰ

Telegram

কবি অনুভৱ তুলসীৰ বিয়োগত শোকপ্ৰকাশ আছুৰ তথ্য সম্পাদক ডুলুজিৎ দাসৰ

 

*জীৱনৰ শেষ কবিতাটোত নদীবান্ধৰ বিৰোধিতা কৰি দুৰন্ত সাহস দেখুৱাই থৈ গ’ল কবি অনুভৱ তুলসীয়েঃ ডুলুজিৎ দাস*

 

তামুলপুৰ, ১ জুলাইঃ

 

কবি, অনুবাদক অনুভৱ তুলসীৰ দেহাৱসনাত শোকপ্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক ডুলুজিৎ দাসে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কবিগৰাকীৰ বিয়োগত ব্যথিত হোৱা বুলি উল্লেখ কৰে তামুলপুৰৰ আছুনেতাগৰাকীয়ে। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী নেতা হোৱাৰ উপৰি কবি হিচাপেও জনপ্ৰিয় ডুলুজিৎ দাসে এক শোকবাৰ্তাত কয়, ‘‘উচুপনি এটাৰ ঢৌত জীণ যোৱা এই সময় অসহনীয়! কবি অনুভৱ তুলসীৰ সাৱলীল অনুভৱ অবিহনে উৰুঙা-উদং হৈ পৰিব মননশীল কবিতাৰ পথাৰখন৷’’

 

অনুভৱ তুলসীৰ মেধা আৰু কাব্যপ্ৰতিভাই ধ্ৰপদী অসমীয়া ভাষাক সমৃদ্ধ কৰা বুলি মন্তব্য কৰি আছুনেতা ডুলুজিৎ দাসে লগতে কয়, ‘‘ধ্ৰুপদী ভাষাটোক যিসকল সাহিত্য সাধকে চহকী কৰিছে, তাৰ ভিতৰত অনুভৱ তুলসী অগ্ৰগণ্য। কবিগৰাকীয়ে জীৱনৰ শেষ কবিতাটোত নদীবান্ধৰ বিৰোধিতা কৰিছে। কা আন্দোলনতো জাতিৰ পক্ষত থিয় দিছিল কবিগৰাকীয়ে। মানুহৰ পক্ষত থাকি সচেতনভাৱে অসমীয়াৰ পক্ষ লোৱা এনে এগৰাকী সমাজ সচেতক কবিৰ বিয়োগ সাহিত্যৰ লগতে সামগ্ৰিকভাৱে অসমৰ সমাজ জীৱনৰো অপূৰণীয় ক্ষতি।’’

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *