BTR NEWS

কথা আছিল মিত্ৰতাৰ, কিন্তু ক্ৰমশঃ বাঢ়িছে শত্ৰুতাহে। পুৰণি ঘাঁ খুচৰি UPPLৰ মুৰব্বী প্ৰমোদ বড়োৱে আক্ৰমণৰ লক্ষ্য কৰি ল’লে BPF প্ৰধান হাগ্ৰামা মহিলাৰীক।

Telegram

কথা আছিল মিত্ৰতাৰ, কিন্তু ক্ৰমশঃ বাঢ়িছে শত্ৰুতাহে। পুৰণি ঘাঁ খুচৰি UPPLৰ মুৰব্বী প্ৰমোদ বড়োৱে আক্ৰমণৰ লক্ষ্য কৰি ল’লে BPF প্ৰধান হাগ্ৰামা মহিলাৰীক।

 

বাক্সা, ১৩ আগষ্টঃ

কথা আছিল মিত্ৰতাৰ, কিন্তু ক্ৰমশঃ বাঢ়িছে শত্ৰুতাহে। পুৰণি ঘাঁ খুচৰি পুনৰ ৰাজনৈতিক তাপমান বৃদ্ধিৰ সূচনা কৰিলে UPPLৰ মুৰব্বী তথা BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। তেওঁ সোজাসুজি আক্ৰমণৰ লক্ষ্যবস্তু কৰিলে প্ৰাক্তন BTC মুখ্য আৰু বৰ্তমান BPF প্ৰধান হাগ্ৰামা মহিলাৰীক।

 

যোৱা কিছুমান মাহত বড়ো জনগোষ্ঠীৰ বিভিন্ন সংগঠনে বড়োভূমিৰ দুয়োখন প্ৰধান ৰাজনৈতিক দল—UPPL আৰু BPF—ক একত্ৰিত কৰাৰ বাবে চেষ্টা চলাই আহিছিল। লক্ষ্য আছিল সাম্প্ৰদায়িক ঐক্য সংহতি বঢ়োৱা আৰু ২০২৬ৰ BTC নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীৰ ভিতৰত বিভাজন কমোৱা। কিন্তু প্ৰমোদ বড়োৰ ভাষ্যই সেই চেষ্টা কার্যতঃ ব্যৰ্থ প্ৰমাণ কৰিলে।

 

প্ৰমোদ বড়োৱে সমালোচনা কৰি কয় যে, “BPFৰ নেতৃত্বই জনগোষ্ঠীৰ স্বাৰ্থত কেতিয়াও একত্ৰিত হোৱাৰ মনোভাব দেখুৱাই নাছিল। উল্টো, আগতে যি ভুল আৰু জনস্বাৰ্থবিৰোধী নীতি গ্ৰহণ কৰিছিল, এতিয়াও সেই ধৰণৰ ৰাজনীতিৰ পথতে আগবাঢ়ি আছে।”

 

ইয়াৰ ফলত, UPPL আৰু BPFৰ মাজত পুনৰ দ্ৰোহী সুৰ উচ্চাৰিত হৈছে। ৰাজনৈতিক বিশ্লেষকৰ মতে, এই মুখামুখি বাকযুদ্ধই আগন্তুক নিৰ্বাচনৰ পূৰ্বে বড়ো অঞ্চলৰ ৰাজনীতিক ক্ষেত্ৰত নতুন বিভাজনৰ দ্বাৰ উন্মুক্ত কৰিলে।

 

Exit mobile version