BTR NEWS

কচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন। 

Telegram

কচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন। 

 

 

তামুলপুৰঃ৩০ আগষ্টঃ

 

 

তামুলপুৰৰ কচুবাৰীত আজি এক মাংগলিক পৰিৱেশত এটি শনি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়।হেমচিং বড়োৰ পৰিয়ালবৰ্গই দান কৰা উক্ত ভূমিত ৰূপনাথ বড়োৰ তত্বাৱধানত নিৰ্মাণ কৰা হ’ব এই মন্দিৰতো।আজি অঞ্চলটোৰ বয়োজেষ্ঠ ব্যক্তি সকলৰ উপস্থিতিত এই মন্দিৰ ৰ আধাৰশিলা স্থাপন কৰা হয়।পৰিয়ালবৰ্গই জানিব দিয়ামতে খুব কম দিনৰ ভিতৰতে এই মন্দিৰটোৰ কাম সম্পূৰ্ণ হ’ব আৰু ৰাইজে এই মন্দিৰ পৰিদৰ্শন কৰিব পাৰিব বুলিও উল্লেখ কৰে।কচুবাৰীৰ সহ শিক্ষক গনেশ ৰাভাই আঁত ধৰা অনুষ্ঠানটোত পৰিয়ালবৰ্গ তথা আমন্ত্ৰিত ব্যক্তিসকলক একোখনকৈ ফুলাম গামোচাৰে সম্ভাষন জনোৱা হয়।

Exit mobile version