কংগ্ৰেছ এৰি পুনৰ BPFলৈ প্ৰবীণ বড়ো!
ৰাজনৈতিক নিৰাপত্তাৰ সন্ধানত প্ৰবীণ বড়োৱে পুনৰ BPF (Bodoland People’s Front)লৈ ঘূৰি যাব বুলি অনুমান কৰা হৈছে। দেওবাৰে সন্ধিয়া বৰপেটাৰোডত BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ সৈতে হোৱা বৈঠকত এই সম্ভাৱনাৰ আঁচ পোৱা গৈছে।
প্ৰবীণ বড়ো, যি পূৰ্বে BPFৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল, বৰ্তমান অসমৰ প্ৰদেশ কংগ্ৰেছৰ BTC (Bodoland Territorial Council) আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। কিন্তু বৰ্তমান BPFলৈ তেওঁৰ ঘূৰি যোৱাৰ সম্ভাৱনাই অসমৰ ৰাজনীতিত নতুন টঙাল মাৰিছে।
এই বৈঠকক ৰাজনৈতিক মহলে গুৰুত্বপূৰ্ণ ৰূপে গণ্য কৰিছে। প্ৰবীণ বড়োৱে শীঘ্ৰেই কংগ্ৰেছ ত্যাগ কৰি BPFত যোগ দিব বুলি বহুতে ধাৰণা কৰিছে। তেওঁ BPFত থাকোতে দলৰ শক্তি বৃদ্ধি কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। সেইসময়ত তেওঁ দলৰ ভিতৰত যথেষ্ট প্ৰভাৱশালী নেতা হিচাপে পৰিচিত আছিল।
ইয়াৰ পিছত, তেওঁ কংগ্ৰেছত যোগ দি BTC অঞ্চলত দলৰ নেতৃত্ব দিছিল। কিন্তু বৰ্তমান তেওঁৰ কংগ্ৰেছৰ সৈতে সন্তুষ্টি নাই বুলি কোৱা হৈছে। BPFৰ সৈতে তেওঁৰ পুনর্মিলন হৈছে দলটোৰ বাবে এটা ৰাজনৈতিক সুবিধাৰ সময়।
প্ৰবীণ বড়োৰ পুনৰাগমনে BPF আৰু BTC অঞ্চলৰ ৰাজনীতিত কিদৰে প্ৰভাৱ পেলাব, তাক চাবলৈ বৰ্তমান সকলো অপেক্ষা কৰি আছে।