BTR NEWS

ওদালগুৰিত লিংগ সম্পদ কেন্দ্ৰ শুভ উদ্বোধন বি টি চিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ।

Telegram

ওদালগুৰিত লিংগ সম্পদ কেন্দ্ৰ শুভ উদ্বোধন বি টি চিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ ।

 

 

সুৰক্ষিত মহিলা,সুৰক্ষিত সমাজ, মহিলাৰ দ্বাৰা, মহিলাৰ বাবে” উক্ত বাক্যকে সৰোগত কৰি মহিলা সকলৰ যিকোনো সমস্যা সমাধান, পৰামৰ্শ ক্ষেত্ৰত সুবিধা হোৱাকৈ পোন প্ৰথম বাৰৰ বাবে জিলা খনৰ ভিতৰতে ওদালগুৰি উন্নয়ন খণ্ডৰ চৌহদত লিংগ সম্পদ কেন্দ্ৰটি শুভ উদ্বোধন কৰে ওদালগুৰি সমষ্টিৰ বিধায়ক তথা বিটিচিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।

 

ওদালগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ওদালগুৰি খণ্ডৰ

লিংগ সম্পদ কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি জিলা উপায়ুক্ত পুলক পাটগিৰীয়ে।

 

উল্লেখযোগ্য যে আজি সমগ্ৰ অসমত ১১টা লিঙ্গ সম্পদ কেন্দ্ৰ শুভ উদ্বোধন হয়, তাৰ ভিতৰতে ওদালগুৰি এটা অন্যতম।

 

বিটিচি চৰকাৰৰ অনুদানেৰে আৰম্ভ কৰা কেন্দ্ৰটি নাৰী শক্তিৰ প্ৰতীক হোৱাৰ লগতে নাৰী সমাজক সাহক আৰু প্ৰেৰণা যোগাব উদ্বোধকে মতপোষণ কৰে।

 

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ওদালগুৰি জিলা প্ৰকল্প বিষয়া ধীৰাজ নাথে আঁত ধৰা অনুষ্ঠান খনত সভাৰ উদ্দেশ্যে বাখ্যা কৰে

ডিষ্ট্ৰিক ফাংচনেল এক্সপাৰ্ট বীৰেশ্বৰ চৌহানে।

 

অনুষ্ঠান খনৰ আগমুহূৰ্ত বন্তি প্ৰজ্জ্বলন কৰে ক্ৰমে জিলা উপায়ুক পুলক পাটগিৰি, ভেৰগাঁও মহকুমাৰ মাহকুমাধিপতি তথা ডিষ্ট্ৰিক প্ৰজেক্ট ডাইৰেক্টৰ ৰিংখাং মোছাহাৰী,ওদালগুৰি উন্নয়নৰ খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চানছুমা বসুমতাৰী, বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী,জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়া স্বপ্না দৈমাৰী,টিচিএলএলৰ চেয়াৰমেন জোনাচ দৈমাৰীয়ে।সভাত লিঙ্গ সম্পৰ্কীয় ভাষ দিয়ে পিংকি দেউৰীয়ে।

 

অনুষ্ঠান খনত উপস্থিত থাকে ওদালগুৰি আৰক্ষী থানাৰ এছ আই ভাস্কৰ জ্যোতি বৰা,শিশু কল্যান সমিতিকে ধৰি বিভিন্ন বিভাগৰ বিষয়া সকল।

 

সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই ওদালগুৰি খণ্ড প্ৰকল্প বিষয়া অমল বাগলাৰীয়ে।

Exit mobile version