BTR NEWS

উৰুকাৰ আনন্দত মগন অসম

Telegram

উৰুকাৰ আনন্দত মগন অসম

 

কাইলৈ উৰুকা। ৰাজ্যজুৰি ভোগালী বিহুৰ জাঁজৰিত ব্যস্ততাৰ ৰঙে ধৰিছে সকলো চহা অসমীয়াৰ হৃদয়। ভোগালীক আদৰিবলৈ গাত তৎ নাই। ঘৰে ঘৰে বিহুৰ পিঠা, লাৰু, সান্দহ আদি সুস্বাদু ভোগৰ সামগ্ৰী বনোৱাৰ উচ্ছল প্ৰস্তুতি চলিছে।

 

তামুলপুৰৰ এক ভিতৰুৱা অঞ্চল দৰঙাপাৰাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জীয়ৰী-বোৱাৰী সকলে পৰম্পৰাগত ভাৱে উড়ালত গুৰা খুন্দি নাচি-বাগি সমুহীয়াকৈ পিঠা-লাৰু বনোৱাৰ হেপাঁহৰ মাজত বিৰাজমান। নিজা সংস্কৃতিৰ উজ্জ্বল প্ৰতিচ্ছবি উজলাই ধৰিবলৈ সেয়া যেন এক একান্ত আন্তৰিক প্ৰচেষ্টা।

 

উৰুকাৰ নিশা পোহৰাই তুলিব লগৰীয়া আহাৰ। নাঙলৰ পিঠি চেলাওঁতা কৃষকৰ পৰা কলম পকোৱা কিশোৰ, সকলোৱে লগে ভাগে এই ৰঙীন বিহুটিত মেতে উঠাৰ প্ৰস্তুতি লয়। একেলগে হাঁহি-মাহি ভোগৰ আয়োজনত মিলি যোৱা এই উত্সৱে সকলো স্তৰৰ মানুহৰ মাজত একতা আৰু ভাতৃত্ববোধৰ বাণী জগাই তোলে।

 

ভোগালীক আদৰিবলৈ চৌপাশে এক অনন্য আনন্দ-উৎসৱৰ আবেশ। ৰাস, নৃত্য, খাদ্যপ্ৰস্তুতি—এই সকলোবোৰ যেন অসমীয়াৰ জীৱনত আনন্দ আৰু সম্প্ৰীতিৰ স্নিগ্ধতা মচিব পৰা এক চঞ্চল সোঁত।

 

মঙলময় হ’ক উৰুকাৰ নিশা। ভোগালী আনক আকৌ নতুন আশাৰ পোহৰ।

 

Exit mobile version