উন্নত গ্ৰাহক সম্পৰ্ক প্ৰদানৰ দিশত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মাল পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণ অব্যাহত

  • Current
  • December 16, 2024
  • 0 Comments
Telegram

উন্নত গ্ৰাহক সম্পৰ্ক প্ৰদানৰ দিশত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মাল পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণ অব্যাহত।

মালিগাঁও, ১৬ ডিচেম্বৰ, ২০২৪:

 

উত্তৰ পূৱ সীমান্ত ৰে’লৱেই (এন.এফ.আৰ.) সংমণ্ডলটোৰ ভিতৰত আৰু ইয়াৰ বাহিৰত মাল পৰিবহনৰ ব্যৱস্থা উন্নত কৰাৰ দিশত, উন্নত গ্ৰাহক সম্পৰ্ক প্ৰদান কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই পদক্ষেপসমূহ কাৰ্যকৰীকৰণৰ অৰ্থে, গ্ৰাহকৰ বাবে বিভিন্ন সামগ্ৰীৰ অন্তৰ্মুখী আৰু বহিৰ্গামী উভয় পৰিবহণ সুগম কৰিবলৈ আৰু সম্ভৱপৰ সকলো পৰিবহন সুবিধা প্ৰদানৰ বাবে অধিক ষ্টেচন মুকলি কৰা হৈছে।

 

গ্ৰাহক সম্পৰ্ক উন্নতকৰণৰ অৰ্থে আৰু মাল পৰিবহণৰ পৰা ৰাজহ বৃদ্ধি কৰিবলৈ, উত্তৰ পূৱ সীমান্ত ৰেলৱেই উদ্ভাৱনী মূলক ব্যৱস্থা আৰু সম্প্ৰসাৰিত পৰিচালনৰ জৰিয়তে ইয়াৰ মাল পৰিবহন নেটৱৰ্ক শক্তিশালী কৰি তুলিছে। এক উল্লেখনীয় উন্নয়নৰ ধাৰা বজাই ৰাখি ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহৰ সময়ছোৱাত পশ্চিম বংগৰ তুফানগঞ্জ ৰেল ষ্টেচনৰ পৰা ত্ৰিপুৰাৰ জিৰানীয়া ৰেল ষ্টেচনলৈ চাউলৰ এক কনচাইন্টমেন্ট সফলতাৰে পৰিবহন কৰা হয়। মেচাৰ্ছ তুফানগঞ্জ এগ্ৰো ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেডে ‘মিনি ৰেক ডিমাণ্ড’ আঁচনিৰ অধীনত সাধাৰণ চাউলৰ গুডছ ৰেক প্ৰেৰণ কৰা হয়। পেমেন্টৰ বাবে অনলাইনত এই লেনদেন সম্পন্ন কৰা হৈছিল, যি গ্ৰাহকৰ সুবিধা বৃদ্ধিৰ বাবে ভাৰতীয় ৰেলৱেৰ ডিজিটেল পেমেন্ট প্ৰণালী ব্যৱস্থাক আকোৱালি লোৱাকেই প্ৰতিফলিত কৰিছে। সমগ্ৰ প্ৰক্ৰিয়াটোত, ট্ৰাকৰ পৰা পোনপটীয়াকৈ লোড কৰাৰ পৰা কনচাইনমেণ্টৰ ওজন আৰু পৰিমাণৰ সাৱধানতামূলক ব্যৱস্থাপনালৈকে, নিৰ্ভৰযোগ্য, স্বচ্ছ আৰু উচ্চ মানদণ্ডৰ ৰে’লৱে মালবাহী সেৱা প্ৰদান কৰাৰ প্ৰতি এই ৰেলৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰদৰ্শন কৰিছে। চালানটোৱে সৰ্বোচ্চ সুৰক্ষা মানদণ্ড অনুসৰণ কৰাৰ লগতে ফিটনেছ আৰু ৱাটাৰ ৱেইট স্থিতিক নিশ্চিত কৰাৰ বাবে যৌথভাৱে ৱাগনসমূহৰ নিৰীক্ষণ কৰা হয়, এনেদৰে ৰে’লৱে মালপৰিবহন প্ৰণালীটো দেশৰ ভিতৰতেই এক উন্নতমানৰ পৰিবহনৰ আটাইতকৈ ব্যয়সূলভ আৰু দ্ৰুততম মাধ্যম হিচাপে পৰিগণিত হৈছে।

অন্য এক বৃহৎ সফলতাৰ দিশত, পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱেই বিন্নাগুৰি ৰেল ষ্টেচনৰ পৰা পশ্চিমবঙ্গৰ এছএছপিএল ছাইডিঙলৈ কোৱাৰ্টজৰ লোডিং আৰম্ভ কৰিছে। এই নতুন পদক্ষেপৰ পৰিণামস্বৰূপে প্ৰতিখন ৰেকত আনুমানিক ৪০ লাখ টকাৰ ৰাজহ উপাৰ্জন হ’ব বুলি আশা কৰা হৈছে, যাৰ ফলত অৰ্থনৈতিক বিকাশৰ বাবে নতুন পথ মুকলি হ’ব আৰু মালবাহী পৰিচালন বৃদ্ধিৰ ক্ষেত্ৰত সংমণ্ডলটোৰ প্ৰতিশ্ৰুতি আৰু অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে।

এই পদক্ষেপসমূহে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালবাহী লজিষ্টিকৰ আধুনিকীকৰণ আৰু নিৰৱচ্ছিন্ন পৰিবহনত সুবিধা প্ৰদানৰ ওপৰত অবিৰতভাৱে গুৰুত্ব আৰোপ কৰি আহিছে, যাৰ দ্বাৰা ৰে’লৱেই সমগ্ৰ দেশৰ ব্যৱসায়ৰ বাবে এক বিশ্বাসযোগ্য আৰু পছন্দৰ অংশীদাৰ হৈ থকাটো নিশ্চিত কৰি তুলিছে। ই সংশ্লিষ্ট অঞ্চলৰ ভিতৰত মাল পৰিবহণ সংযোগ উন্নত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰে, যি ৰে’লৱেৰ বৰ্ধিত দক্ষতা আৰু গ্ৰাহক-কেন্দ্ৰিক দৃষ্টিভংগীকেই প্ৰতিফলিত কৰিছে।

  • Related Posts

    • Current
    • August 11, 2025
    • 6 views
    • 1 minute Read
    নতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈ

    Telegram

    TelegramTweetনতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈ। কিন্তু সংসদ ভৱনৰ পৰা কেইটামান ৰাস্তাৰ দূৰতই আৰক্ষীয়ে বেৰিকেড দি প্ৰতিবাদীসকলক আটকায়। বিৰোধীসকলৰ…

    • Current
    • August 10, 2025
    • 4 views
    • 2 minutes Read
    Baksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth

    Telegram

    TelegramTweetBaksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth Baksa, August 10: In a significant step towards strengthening road connectivity in the region, Hon’ble Chief Minister Dr.…

    Leave a Reply

    Your email address will not be published. Required fields are marked *