উন্নততৰ সুৰক্ষাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা আন্তঃগাঁথনিৰ নিৰন্তৰ পৰ্যবেক্ষণ  

  • Current
  • January 18, 2025
  • 0 Comments
Telegram

উন্নততৰ সুৰক্ষাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা আন্তঃগাঁথনিৰ নিৰন্তৰ পৰ্যবেক্ষণ  

 

মালিগাওঁ, ১৮ জানুৱাৰী, ২০২৫:

 

উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’ল যাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদ কৰাৰ বাবে অবিৰত প্ৰচেষ্টা চলাই আহিছে। ইয়াৰ আন্তঃগাঁথনিৰ উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰযুক্তিগতভাৱে উন্নত ব্যৱস্থা গ্ৰহণ কৰি আছে। দক্ষতা আৰু সুৰক্ষাৰ অধিক বৃদ্ধিৰ বাবে, উত্তৰ পূব সীমান্ত ৰেলৱে এই সংমণ্ডলৰ অন্তৰ্গত কেইবাটাও খণ্ডত ইয়াৰ বিদ্যমান চিগনেলিং প্ৰণালীত বিভিন্ন উন্নীতকৰণ আৰু প্ৰতিস্থাপন সম্পন্ন কৰিছে।

ডিচেম্বৰ, ২০২৪ মাহৰ সময়চোৱাত, উত্তৰ পূব সীমান্ত ৰেলৱেই ৰঙিয়া মণ্ডলৰ অধীনৰ ০৩ টা স্থানত ক্লেম্প টাইপ লকিংৰ সৈতে থিক ৱেব চুইচ পইণ্ট মেচিন স্থাপন কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেই কাটিহাৰত ১০ টা পইণ্ট মেচিন, আলিপুৰদুৱাৰত ০২ টা আৰু ৰঙিয়া মণ্ডলত ০১ টা পইণ্ট মেচিনৰ প্ৰতিস্থাপন কৰিছে, যাৰ ফলত আন্তঃগাঁথনি উন্নীতকৰণৰ দ্বাৰা লাইনচ্যুত হোৱাটো প্ৰতিহত আৰু যাত্ৰী আৰু মালবাহী ৰেলৰ নিৰাপদ চলাচল নিশ্চিত কৰা হয়। লেভেল ক্ৰছিং গেটসমূহত সুৰক্ষা বৃদ্ধি কৰিবলৈ কাটিহাৰ, লামডিং আৰু তিনিচুকীয়া মণ্ডলৰ বিভিন্ন স্থানত পাঁচটা লেভেল ক্ৰছিং গেটত ইলেক্ট্ৰিক লিফটিং বেৰিয়াৰৰ প্ৰতিস্থাপন কৰা হৈছে। তিনিচুকীয়া, লামডিং আৰু আলিপুৰদুৱাৰ মণ্ডলৰ বিভিন্ন ষ্টেচনত নতুনকৈ ৪.৬৪২ কিলোমিটাৰ চিগনেলিং কেবল স্থাপন কৰা হৈছে। ৰে’লৱে সম্পত্তিৰ যিকোনো ক্ষতি প্ৰতিহত কৰাৰ বাবে সুৰক্ষা ব্যৱস্থাৰ অংশ হিচাপে সংমণ্ডলটোৰ ০৩ টা স্থানত স্বয়ংক্ৰিয় অগ্নি চিনাক্তকৰণ আৰু এলাৰ্ম প্ৰণালী আৰম্ভ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৩২ খন লেভেল ক্ৰছিং গেটত চিষ্টেম ইন্টেগ্ৰিটি পৰীক্ষণ কৰা হৈছে। সুৰক্ষাত্মক গীয়াৰৰ উন্নততৰ নিৰ্ভৰযোগ্যতাক সক্ষম কৰাৰ বাবে পাঁচোটা মণ্ডলতে বিভিন্ন ক্ষমতাৰ মুঠ ২৫৬ খন চিগনেলিং বেটাৰিও প্ৰতিস্থাপন কৰিছে। চালক আৰু অপাৰেটৰসকলক দৃশ্যমান তথ্য প্ৰদান কৰি ৰেলৰ গতিবিধি নিয়ন্ত্ৰণ কৰিবলৈ আধুনিক যোগাযোগ প্ৰণালী ব্যৱহাৰ কৰা হৈছে।

ৰে’লৱে প্ৰণালীৰ আন্তঃগাঁথনিগত উন্নীতকৰণে ৰে’লসমূহৰ নিৰাপদ পৰিচালন নিশ্চিত কৰে আৰু সেইসমূহৰ নিৰ্ভৰযোগ্যতা আৰু তত্বাৱধানে ৰে’লৰ পৰিচালনগত ক্ষমতাত প্ৰত্যক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ সকলো গ্ৰাহকৰ বাবে এক উৎকৃষ্ট, সময়ানুৱৰ্তী আৰু সুৰক্ষিত ৰে’লৱে অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে নিষ্ঠাৰ সৈতে কাম কৰি আহিছে।

  • Related Posts

    • Current
    • September 11, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃ

    Telegram

    TelegramTweetতামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃ     তামুলপুৰ,১১ ছেপ্টেম্বৰঃ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত কালি নিশা ধুবুৰী জিলাৰ গোলোকগঞ্জত আক্ৰাছুৰ উদ্যোগত…

    • Current
    • September 11, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনা

    Telegram

    TelegramTweetতামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনা   তামুলপুৰ,১২ ছেপ্তেম্বৰ-   তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনষ্ঠ তিনি গৰাকী অৱসৰী গাঁও প্ৰধানক কালি আনুস্থানিক ভাৱে বিদায়় সম্বৰ্ধনা জনোৱা হয় ৷ তামুলপুৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *