উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা এই বৰ্ষত ১৭৪ জন দালালক কৰায়ত্ত
৩৩.২৪ লাখ টকাতকৈও অধিক মূল্যৰ ৰেলৱে টিকট উদ্ধাৰ
মালিগাঁও, ৫ নৱেম্বৰ, ২০২৪:
উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) দালালৰ উপদ্ৰৱ নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে নিয়মীয়াকৈ অভিযান চলাই আহিছে। শেহতীয়াকৈ ০১ ৰ পৰা ৩১ অক্টোবৰ, ২০২৪ লৈ সংমণ্ডলৰ ভিতৰত চলোৱা অনুসন্ধান আৰু অভিযানৰ সময়ত ৰেলৱে সুৰক্ষা বাহিনীয়ে ০৭ জন দালালক কৰায়ত্ত কৰে আৰু তেওঁলোকৰ পৰা ১.১৯ লাখ টকাৰো অধিক মূল্যৰ ৫৫ খন ৰেলৱে টিকট উদ্ধাৰ কৰে।
০৯ অক্টোবৰ, ২০২৪ তাৰিখে সংঘটিত এক ঘটনাত, কাটিহাৰৰ চিআইবি আৰু বাৰছোই আৰপিএফ টিমে যুটীয়াভাৱে বাৰচোইত অনুসন্ধান আৰু তালাচী অভিযান চলায়। অভিযানৰ সময়ত দলটোৱে প্ৰায় ৫,৭৯০/- টকা মূল্যৰ ০২ খন লাইভ টিকট উদ্ধাৰ কৰে আৰু এই সন্দৰ্ভত এজন দালালক কৰায়ত্ত কৰে। পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰে’ল আইনৰ ১৪৩ ধাৰাৰ অধীনত বাৰচোইত এটা গোচৰ ৰুজু কৰা হয়।
২৭ অক্টোবৰ, ২০২৪ তাৰিখে সংঘটিত আন এক ঘটনাত, নিউ কোচবিহাৰৰ আৰপিএফ আৰু আলিপুৰদুৱাৰ জংচনৰ চিআইবি আৰু চিপিডিএছ টিমে যুটীয়াভাৱে কোচবিহাৰৰ ওক্ৰাবাৰী বজাৰত অৱস্থিত “বাপি জেৰক্স”ত এক অনুসন্ধান আৰু তালাচী অভিযান চলায়। অভিযানৰ সময়ত দলটোৱে প্ৰায় ৪৯,৮৪২/- টকা মূল্যৰ ১০ খন টিকট উদ্ধাৰ কৰে (১ খন লাইভ ই-টিকট, যাৰ মূল্য ৬,৫০৪.৯৫ টকা আৰু ০৯ খন ব্যৱহৃত ই-টিকট, যাৰ মূল্য ৪৩,৩৩৭.৩০ টকা) আৰু এই সন্দৰ্ভত এজন দালালক কৰায়ত্ত কৰে। পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰেল আইনৰ ১৪৩ ধাৰাৰ অধীনত নিউ কোচবিহাৰত এটা গোচৰ ৰুজু কৰা হয়।
চলিত বছৰৰ জানুৱাৰীৰ পৰা অক্টোবৰ, ২০২৪ পৰ্যন্ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত ষ্টেচন আৰু ৰে’লসমূহত চলোৱা বিভিন্ন অভিযান আৰু অনুসন্ধানৰ সময়ত উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ১৭৪ জন দালালক কৰায়ত্ত কৰা হয় আৰু প্ৰায় ৩৩.২৪ লাখ টকাৰ মুঠ ১২১৫ খন টিকট উদ্ধাৰ কৰে।
ৰে’লৱে টিকটৰ অননুমোদিত আৰু অবৈধ ক্ৰয়ৰ ওপৰত তীক্ষ্ণ সতৰ্কতা অৱলম্বন কৰাৰ উপৰিও, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰা কাৰ্যৰ উপৰিও ৰে’ল ব্যৱহাৰকাৰীসকলক সেৱা আৰু সাহাৰ্য প্ৰদান কৰাৰ অৰ্থে সদায় সাজু হৈ থাকে। উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই সকলো যাত্ৰীক ৰেল ভ্ৰমণৰ সময়ত সমস্যা পৰিহাৰ কৰিবলৈ সঠিক টিকটৰ সৈতে তেওঁলোকৰ যাত্ৰা কৰাৰ বাবে অনুৰোধ কৰিছে। ৰে’ল যাত্ৰীসকলে তেওঁলোকৰ ৰেল যাত্ৰাৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হ’লে ১৩৯ (টোল-ফ্ৰী) ডায়েল কৰিব পাৰিব।