উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ দ্বাৰা নতুনকৈ বৈদ্যুতিকৰণ কৰা দুটা খণ্ডত বৈদ্যুতিক লোকো ট্ৰায়েলৰ সফল সম্পাদন

  • Current
  • January 31, 2025
  • 0 Comments
Telegram

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ দ্বাৰা নতুনকৈ বৈদ্যুতিকৰণ কৰা দুটা খণ্ডত বৈদ্যুতিক লোকো ট্ৰায়েলৰ সফল সম্পাদন

 

মালিগাঁও, ৩১ জানুৱাৰী, ২০২৫:

বৈদ্যুতিকৰণ অভিযানৰ ক্ৰমাগত উন্নয়নৰ প্ৰতি ভাৰতীয় ৰে’লৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে সম্পূৰ্ণ বৈদ্যুতিকৰণ আৰু শূন্য-কাৰ্বন ৰে’ল নেটৱৰ্কৰ লক্ষ্যত উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰি আহিছে। ডিচেম্বৰ ২০২৪ পৰ্যন্ত, উত্তৰ পূৱ সীমান্ত ৰেলৱেই প্ৰায় ২,৮২৮ ৰুট কিলোমিটাৰ (আৰকেএম) সফলতাৰে বৈদ্যুতিকৰণ কৰিছে, যি সংমণ্ডলটোত প্ৰায় ৭০% বৈদ্যুতিকৰণ কাৰ্যৰ দিশত যথেষ্ট অগ্ৰগতি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লক্ষ্য হৈছে কাৰ্বন নিৰ্গমন হ্ৰাস কৰা আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নেটৱৰ্কত পৰিচালন দক্ষতা বৃদ্ধি কৰা।

অতিৰিক্ত খণ্ডসমূহত বৈদ্যুতিক ট্ৰেক্সন কাৰ্যকৰী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দুটা খণ্ডত, অৰ্থাৎ ২৯ জানুৱাৰী, ২০২৫ তাৰিখে লামডিং মণ্ডলৰ অন্তৰ্গত আগৰতলা – চাব্ৰুম খণ্ডৰ (১১২.৯১ আৰকেএম) মাজত বৈদ্যুতিক লোকো পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হয়, তাৰ পিছত ২০২৫ ৰ ৩০ আৰু ৩১ জানুৱাৰী তাৰিখে আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত নিউ কোচবিহাৰ – বামনহাট খণ্ডৰ (৪৯.৮১ আৰকেএম) মাজত আন এটা সফল পৰীক্ষণ সম্পন্ন কৰা হয়। উভয় পৰীক্ষণ সৰ্বাধিক খণ্ডগত গতিবেগত সম্পাদন কৰা হয়। এই পৰীক্ষণসমূহ বৈদ্যুতিক চলনলৈ পৰিৱৰ্তনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ, যি অহা কেইমাহমানৰ ভিতৰত খণ্ডটোত বিদ্যুত চালিত ৰেলৰ পৰিচালনত সহায় কৰাৰ লগতে অঞ্চলটোত দ্ৰুত, অধিক দক্ষ আৰু পৰিৱেশ অনুকূল ৰেল পৰিচালন নিশ্চিত কৰিব।

উত্তৰ পূৱ সীমান্ত ৰেলৱেত নিৰ্মানাধীন অৱস্থাত থকা বৈদ্যুতিকৰণ অভিযানে দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল সংযোগত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। ৰে’ল বৈদ্যুতিকৰণৰ দ্ৰুত প্ৰগতিৰ উদ্দেশ্য হৈছে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস, ৰেলৰ গতিবেগৰ উন্নতকৰণ, পৰিচালন ব্যয় হ্ৰাস কৰাৰ লগতে সেউজ গৃহ গেছৰ নিৰ্গমন যথেষ্ট পৰিমাণে হ্ৰাস কৰা আৰু কাৰ্বন-প্রশমিত ৰে’লৱে নেটৱৰ্ক প্ৰাপ্ত কৰা। এই অগ্ৰগতিৰ সৈতে, উত্তৰ পূৱ সীমান্ত ৰে’লৱে পৰিবহন ব্যৱস্থাত এক সেউজ, অধিক বহনক্ষম ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিছে।

  • Related Posts

    • Current
    • September 13, 2025
    • 3 views
    • 1 minute Read
    সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    Telegram

    TelegramTweetসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বক্তব্যত অসমৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰিলে। বক্তৃতাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত *“অগ্নি যুগৰ…

    • Current
    • September 13, 2025
    • 3 views
    • 1 minute Read
    গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ

    Telegram

    TelegramTweetগৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ   মিত্ৰতাৰ সন্দৰ্ভত APCC সভাপতি গৌৰৱ গগৈৰ উত্তৰৰ প্ৰতি কটাক্ষ কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *