উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা অনাগত শীতৰ বতৰৰ বাবে  সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ ।

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা অনাগত শীতৰ বতৰৰ বাবে

সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ

 

 

মালিগাওঁ, ২২ নৱেম্বৰ, ২০২৪:

 

উত্তৰ-পূব সীমান্ত ৰে’লৱেই কুঁৱলী আৰু শীতৰ বতৰত সুৰক্ষিত আৰু দক্ষ ৰে’ল পৰিচালন নিশ্চিত কৰাৰ দিশত সক্ৰিয়ভাৱে পদক্ষেপ গ্ৰহণ কৰি আছে। শীতৰ মাহবোৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ যেনে ট্ৰেকৰ দৃশ্যমানতা আৰু সুৰক্ষা, ওএইচই (অভাৰহেড সৰঞ্জাম), টিআৰএছ (ট্ৰেক্সন ৰোলিং ষ্টক) আদিৰ অন্তৰ্ভূক্তিৰে প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে এই সংমণ্ডলৰ দ্বাৰা এক ধাৰাবাহিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।

নিম্ন তাপমাত্ৰাৰ সময়ত ৰেল আৰু ৱেল্ডৰ বিফলতা প্ৰতিহত কৰিবলৈ, প্ৰয়োজন অনুসৰি এলডব্লিউআৰ/চিডব্লিউআৰ (লং ৱেল্ডেড ৰেল/কন্টিনিউৱাচলি ৱেল্ডেড ৰেল)ৰ ডি-ষ্ট্ৰেচিং কৰাৰ লগতে ৰেল জয়েন্টসমূহৰ পুংখানুপুংখ পৰীক্ষণ আৰু লুব্ৰিকেচন কৰা হৈ আছে। আৱশ্যকীয় পূৰণীয় ব্যৱস্থাৰ বাবে আৰএফ/ডব্লিউএফ-প্ৰৱণ (ৰেল ফেইলাৰ/ৱেল্ড ফেইলাৰ) স্থানসমূহ চিনাক্ত কৰা হৈছে। ৰেইলৰ স্থিতিৰ সঠিক নিৰীক্ষণ নিশ্চিত কৰি, জিপিএছ-সক্ষমিত নিৰীক্ষণৰ দ্বাৰা শীতৰ বতৰৰ সমূয়চোৱাত পেট্ৰোলিং মজবুত কৰা হৈছে। শীতকালত বিশেষ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ ৰেলৰ তাপমাত্ৰা অতি তীক্ষ্ণভাৱে নিৰীক্ষণ আৰু ৰেকৰ্ড কৰা হৈছে।

কুঁৱলী সমস্যাৰ মোকাবিলা কৰিবলৈ, উত্তৰ পূব সীমান্ত ৰেলৱে চালকসকলক বাস্তৱ-সময়ভিত্তিক দিশ নিৰ্দেশনত সহায় কৰিবলৈ উন্নত ফগ পাছ (সুৰক্ষাৰ বাবে ফগ পাইলট সহায় প্ৰণালী) সঁজুলিও ব্যৱহাৰ কৰিছে, যি দৃশ্যমানতা হ্ৰাস হোৱা স্বত্বেও সময়ানুৱৰ্তিতা বজাই ৰাখি সুৰক্ষিত পৰিচালন সক্ষম কৰি তুলিছে। আগতীয়াকৈ ত্ৰুটিসমূহ চিনাক্ত কৰাৰ লগতে বিপদৰ আশংকাসমূহ কাৰ্যকৰীভাৱে হ্ৰাস কৰিবলৈ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি ৰেলৰ ছাঁদ, আণ্ডাৰ-গিয়াৰৰ সা-সৰঞ্জাম, ৰেল ইঞ্জিন আৰু ৰোলিং ষ্টকৰ সুৰক্ষা নিৰীক্ষণ পুংখানুপুংখভাৱে সম্পন্ন কৰা হৈছে।

সম্ভাব্য ত্ৰুটিসমূহ চিনাক্ত কৰাৰ অৰ্থে আল্ট্ৰাচনিক ফ্লো ডিটেকচন আৰু আধুনিক কৌশলৰ ব্যৱহাৰেৰে ট্ৰেকৰ নিৰীক্ষণ আৰু তত্বাৱধানক অগ্ৰাধিকাৰ দিয়া হৈছে। ঠিক একেদৰে, বাধাহীন যোগাযোগ আৰু পৰিচালন নিৰ্ভৰযোগ্যতা নিশ্চিত কৰিবলৈ চিগনেলিং প্ৰণালীসমূহৰ উন্নীতকৰণ কৰা হৈছে। অপ্ৰত্যাশিত পৰিস্থিতিৰ সময়ত তৎপৰতা বৃদ্ধি কৰাৰ বাবে ফ্ৰণ্টলাইন কৰ্মচাৰীসকলৰ বিশেষ প্ৰশিক্ষণ আৰু নিয়মীয়া মক ড্ৰিলৰ দ্বাৰা জৰুৰীকালীন প্ৰস্তুতিও শক্তিশালী কৰা হৈছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৰেলৱে ব’ৰ্ডৰ নীতি নিৰ্দেশনা পালন নিশ্চিত কৰাৰ লগতে এই পদক্ষেপসমূহৰ অগ্ৰগতি অনুসৰণ কৰাৰ বাবে এক শক্তিশালী ফিডবেক চিষ্টেম ৰূপায়ণ কৰা হৈছে। উন্নত প্ৰযুক্তিক কঠোৰ সুৰক্ষা প্ৰটোকলৰ সৈতে একত্ৰিত কৰি, উত্তৰ পূব সীমান্ত ৰেলৱেই সমগ্ৰ প্ৰত্যাহ্বানপূৰ্ণ শীত আৰু কুঁৱলীৰ বতৰত সুৰক্ষা, দক্ষতা আৰু যাত্ৰী সেৱাৰ উচ্চ মানদণ্ড বজাই ৰখাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ।

  • Related Posts

    • Current
    • June 20, 2025
    • 8 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *