BTR NEWS

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা জনজাতীয় গৌৰৱ দিৱস উদযাপন।

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা জনজাতীয় গৌৰৱ দিৱস উদযাপন

 

মালিগাঁও, ১৮ নৱেম্বৰ, ২০২৪:

 

 

 

 

উত্তৰ পূব সীমান্ত ৰে’লৱেই আজি ১৮ নৱেম্বৰ, ২০২৪ তাৰিখে ৰাষ্ট্ৰীয় জনজাতীয় নায়ক ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষ্যে “জনজাতীয় গৌৰৱ দিৱস” উদযাপন কৰে। এই কাৰ্যসূচীখন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় চৌহদৰ ড০ ভূপেন হাজৰিকা সভা গৃহত অনুষ্ঠিত হয়। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে অন্যান্য বিষয়াবৰ্গৰ সৈতে বন্তি প্ৰজ্বলন কৰি জনজাতীয় স্বাধীনতা সংগ্ৰামী ভগৱান বিৰছা মুণ্ডাৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে দিয়া ভাষণ প্ৰসংঙ্গত মহাপ্ৰৱন্ধকে সেই সময়ৰ ঔপনিৱেশিক আৰু স্থানীয় প্ৰশাসনৰ দ্বাৰা পদদলিত কৰা জনজাতীয় ৰাইজৰ পৰম্পৰাগত ভূমি অধিকাৰৰ পুনৰুদ্ধাৰৰ বাবে স্বাধীনতা সংগ্ৰামীৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। এই কাৰ্যসূচীত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ বিষয়াবৰ্গ, কৰ্মচাৰী আৰু বিভিন্ন সংস্থা আৰু ইউনিয়নৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।

Exit mobile version