BTR NEWS

উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা অক্টোবৰ, ২০২৪ ত ১.৪২ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ/নিচাজাতীয় সামগ্ৰী উদ্ধাৰ ।

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা অক্টোবৰ, ২০২৪ ত ১.৪২ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ/নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

মালিগাওঁ, ১৭ নৱেম্বৰ, ২০২৪:

 

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) নিষিদ্ধ সামগ্ৰীৰ পৰিবহন নিয়ন্ত্ৰণ কৰিবলৈ ষ্টেচন আৰু ৰে’লসমূহত নিয়মীয়াকৈ তালাচী আৰু অভিযান চলাই আহিছে। শেহতীয়াকৈ ১ ৰ পৰা ১৫ নৱেম্বৰ, ২০২৪ লৈ সংমণ্ডলটোত তালাচী আৰু অভিযান চলোৱাৰ সময়ত ৰেলৱে সুৰক্ষা বাহিনীয়ে ৩ জন লোকক কৰায়ত্ত কৰাৰ লগতে তেওঁলোকৰ পৰা ১১.১৪ লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষণ হয়।

ইয়াতেই উল্লেখ কৰিব লাগিব যে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে অক্টোবৰ, ২০২৪ মাহৰ সময়চোৱাত সংশ্লিষ্ট সংমণ্ডলটোত চলোৱা বিভিন্ন তালাচী আৰু অভিযানৰ ফলত ১.৪২ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী/নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে ২৮ জন লোকক কৰায়ত্ত কৰে।

শেহতীয়াকৈ ৮ নৱেম্বৰ, ২০২৪ তাৰিখে সংঘটিত এক ঘটনাত, আগৰতলাৰ ৰেলৱে সুৰক্ষা বাহিনী আৰু জিআৰপি দলে যুটীয়াভাৱে আগৰতলা ৰেল ষ্টেচনত এক তালাচী অভিযান চলায়। অভিযানৰ সময়চোৱাত দলটোৱে প্ৰায় ১ লাখ টকা মূল্যৰ ১০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰু এই সন্দৰ্ভত এজন লোকক কৰায়ত্ত কৰে। পিছত জব্দ কৰা গাঞ্জাৰ সৈতে কৰায়ত্ত কৰা ব্যক্তিজনক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অ’চি/জিআৰপি/আগৰতলাৰ হাতত গতাই দিয়া হয়।

১১ নৱেম্বৰ, ২০২৪ তাৰিখৰ আন এটা ঘটনাত গুৱাহাটীৰ ৰেলৱে সুৰক্ষা বাহিনীৰ চিআইবি দলে গুৱাহাটী ৰে’ল ষ্টেচনত ২ জন লোকক কৰায়ত্ত কৰে আৰু ১০ হাজাৰ টকাতকৈয়ো অধিক মূল্যৰ ৫৫ বটল সুৰা জব্দ কৰে। পিছত জব্দ কৰা সুৰাৰ সৈতে কৰায়ত্ত কৰা লোককেইজনক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে গুৱাহাটীৰ আবকাৰী বিভাগৰ হাতত গতাই দিয়া হয়।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰেলৱেৰ সুৰক্ষা বাহিনীয়ে নিচাযুক্ত সামগ্ৰীৰ চোৰাং সৰবৰাহকাৰীসকলৰ দ্বাৰা ৰে’লৱেৰ ব্যৱহাৰ প্ৰতিহত কৰিবলৈ নিয়মীয়াকৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ৰেলৱে সুৰক্ষা বাহিনীয়ে ৰে’লৱেক নিচাজাতীয় সামগ্ৰীৰ চোৰাং সৰবৰাহৰ পৰা মুক্ত কৰি ৰখাটো নিশ্চিত কৰিবলৈ সকলো সন্দেহযুক্ত ৰেল, ষ্টেচন আৰু যাত্ৰীৰ সমাগম এলেকাত বিভিন্ন স্তৰত সঘনাই তালাচী আৰু অভিযান চলাই আহিছে। ৰে’ল যাত্ৰীসকলে তেওঁলোকৰ ৰেল যাত্ৰাৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হ’লে ১৩৯ নং (টোল-ফ্ৰী) ডায়েল কৰিব পাৰে।

Exit mobile version