উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা বিগত বিত্তীয় বৰ্ষৰ সময়চোৱাত ১৩০৯১ খন মালবাহী ৰেলৰ ৰেক আনলোড

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা বিগত বিত্তীয় বৰ্ষৰ সময়চোৱাত ১৩০৯১ খন মালবাহী ৰেলৰ ৰেক আনলোড

 

মালিগাওঁ, ০৫ এপ্ৰিল, ২০২৫:

 

উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিগত বিত্তীয় বৰ্ষত মালবাহী ৰেলৰ আনলোডিঙত নিৰৱচ্ছিন্ন প্ৰগতি প্ৰদৰ্শন কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত, উত্তৰ পূব সীমান্ত ৰেলৱেই ১৩,০৯১ খন মালবাহী ৰেলৰ ৰেক সফলতাৰে আনলোড কৰে, যাৰ ভিতৰত কেৱল মাৰ্চ ২০২৫ মাহৰ সময়চোৱাতেই ১২৮৮ খন মালবাহী ৰেলৰ ৰেক আনলোড কৰা হয়।

 

২০২৫ বৰ্ষৰ মাৰ্চ মাহত, অসমত মুঠ ৬৮৮ খন মালবাহী ৰেলৰ ৰেক আনলোড কৰা হয় যাৰ ভিতৰত ৩১৩ খন অত্যাৱশ্যকীয় সামগ্ৰীৰে লোড কৰা হৈছিল। ত্ৰিপুৰাত ১৩১ খন, নাগালেণ্ডত ২৪ খন, অৰুণাচল প্ৰদেশত ৮ খন, মণিপুৰ আৰু মিজোৰামত ৬ খনকৈ ৰেক উক্ত মাহটোত আনলোড কৰা হয়। তদুপৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ ভিতৰত পশ্চিম বংগত ২৩৪ খন মালবাহী ৰেলৰ ৰেক আৰু বিহাৰত ১৯১ খন মালবাহী ৰেলৰ ৰেক আনলোড কৰা হয়।

 

কেৱল সাধাৰণ লোকৰ অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবেই নহয়, অঞ্চলটোৰ স্থানীয় অৰ্থনৈতিক কামকাজ গতিশীল আৰু বৃদ্ধি বাহাল ৰখাৰ বাবেও অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰী নিয়মীয়াকৈ পৰিবহন কৰি থকা হৈছে। উন্নত টাৰ্মিনেল হেণ্ডলিং সুবিধা আৰু অধিক গুডচ শ্বেডচ ৰখাৰ প্ৰৱৰ্তনৰ ফলত গ্ৰাহক আৰু অন্যান্য অংশীদাৰসকলৰ বাবে সীমিত সময়সীমাৰ ভিতৰত আভ্যন্তৰীণ ৰেকসমূহৰ আনলোড আৰু পৰিষ্কাৰ কৰাৰ কাম অধিক সুবিধাজনক হৈ পৰিছে। সকলো স্তৰত অবিৰত নিৰীক্ষণৰ ফলত টাৰ্ণ এৰাউণ্ডৰ সময় হ্ৰাস পাইছে আৰু আনলোডিঙৰ দক্ষতাও বৃদ্ধি হৈছে।

  • Related Posts

    Swachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission

    Telegram

    TelegramTweetSwachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission   Maligaon, 09th August, 2025:   In line with Indian Railways nationwide Swachhata Campaign launched in connection with…

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন 

    Telegram

    TelegramTweetউত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন    মালিগাঁও, ৩ আগষ্ট, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীৱাস্তৱে ৩০ জুলাই ২০২৫ তাৰিখে মালিগাঁওৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *