উত্তৰ পূব সীমান্ত ৰেলৱেৰ উদ্যোগত আলিপুৰদুৱাৰ, এমডিজেডটিআইত ৬৯ তম ব্যৱস্থাপনা উন্নয়ন কাৰ্যসূচীৰ পৰিচালনা

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ উদ্যোগত আলিপুৰদুৱাৰ, এমডিজেডটিআইত ৬৯ তম ব্যৱস্থাপনা উন্নয়ন কাৰ্যসূচীৰ পৰিচালনা

মালিগাওঁ, ১১ মাৰ্চ, ২০২৫:

 

উত্তৰ-পূব সীমান্ত ৰে’লৱেই বহুবিষয়ক আঞ্চলিক প্ৰশিক্ষণ সংস্থান (এমডিজেডটিআই)ত আলিপুৰদুৱাৰ মণ্ডলৰ জ্যেষ্ঠ পৰিদৰ্শকসকলৰ বাবে ৬৯ তম ব্যৱস্থাপনা উন্নয়ন কাৰ্যসূচী সফলতাৰে পৰিচালন কৰে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ৰে’লৱে পৰিদৰ্শকসকলৰ কাৰ্যকাৰী প্ৰত্যাহ্বানসমূহৰ ফলপ্ৰসূভাৱে মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাপনা আৰু কাৰ্যদক্ষতা বৃদ্ধি কৰি ৰেলৱেৰ পৰিদৰ্শকসকলৰ কাৰ্যদক্ষতাৰ উন্নয়ন কৰা।

জ্যেষ্ঠ উপ মহাপ্ৰৱন্ধক (এছডিজিএম) আৰু মুখ্য সতৰ্কতা বিষয়া (চিভিঅ’) শ্ৰী ৰাজীৱ মহাজনে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰা সমগ্ৰ ৫০ জন পৰিদৰ্শকক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ বিতৰণ কৰে। অনুষ্ঠানটোৰ অংশ হিচাপে, বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলকো তেওঁলোকৰ উৎকৃষ্ট সফলতাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। তেওঁলোকৰ ভিতৰত আছিল এছিয়ান স্বৰ্ণ পদক বিজয়ী আৰু সন্মানীয় অৰ্জুন বঁটা প্ৰাপক কুমাৰী স্বপ্না বৰ্মন যিয়ে এথলেটিকছত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে সন্মানিত হয়। এগৰাকী সমৰ্পিত ৰে’লৱে শিক্ষক শ্ৰীমতী মহুয়া বিশ্বাসক শিক্ষাৰ দিশত তেওঁৰ অৱদানৰ বাবে সন্মানিত কৰা হয়। মুখ্য নাৰ্চিং অধীক্ষক শ্ৰীমতী সন্ধ্যা ৰাণীকো স্বাস্থ্যসেৱাৰ দিশত সমৰ্পিত সেৱাৰ বাবে সন্মানিত কৰা হয়। ইয়াৰ উপৰিও শ্ৰীমতী ত্ৰিশিতা দাসক ভাৰতীয় শাস্ত্ৰীয় নৃত্য, ভাৰত নাট্যমৰ ওপৰত থকা প্ৰতিভাৰ বাবে সন্মানিত কৰা হয়।

উত্তৰ-পূব সীমান্ত ৰে’লৱে ইয়াৰ কৰ্মচাৰীসকলৰ মাজত কাৰ্যদক্ষতা বৃদ্ধি আৰু পেছাদাৰীৰ বিকাশৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ, যিয়ে কাৰ্যদক্ষতা আৰু সেৱাৰ উৎকৰ্ষতাক নিশ্চিত কৰিছে। এনেধৰণৰ কাৰ্যসূচীয়ে কেৱল কৰ্মীসকলৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাই নহয় আনহাতে ৰে’লৱেৰ পৰিৱেশতন্ত্ৰৰ অবিৰত শিক্ষণ আৰু স্বীকৃতিৰ সাংস্কৃতি সৃষ্টি কৰি আছে।

  • Related Posts

    Swachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission

    Telegram

    TelegramTweetSwachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission   Maligaon, 09th August, 2025:   In line with Indian Railways nationwide Swachhata Campaign launched in connection with…

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন 

    Telegram

    TelegramTweetউত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন    মালিগাঁও, ৩ আগষ্ট, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীৱাস্তৱে ৩০ জুলাই ২০২৫ তাৰিখে মালিগাঁওৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *