উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা কৰ্মচাৰীসকলক উচ্চ মানদণ্ডৰ আৰু উন্নত সুবিধা প্ৰদান
মালিগাওঁ, ২৮ জানুৱাৰী, ২০২৫:
উত্তৰ-পূব সীমান্ত ৰে’লৱেই সমগ্ৰ সংমণ্ডলটোৰ ৰে’ল কৰ্মচাৰীৰ বাবে কামকাজ আৰু জীৱন জাপনৰ স্থিতি উন্নত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই পদক্ষেপসমূহে কৰ্মচাৰীসকলৰ প্ৰতি, তেওঁলোকৰ ভূমিকা পালন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সম্পদসমূহ প্ৰদানৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল নৱনিৰ্মিত লগতে বিদ্যমান কৰ্মচাৰী আৱাসসমূহৰ পুনৰ্নিৰ্মাণ কৰা। নৱীকৰণৰ এই কাৰ্যই কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে উন্নততৰ সুবিধাৰ সৈতে কৰ্মচাৰী কোৱাৰ্টাৰসমূহ বিকশিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেই সুচাৰুৰূপে আৰু সুৰক্ষিতভাৱে ৰেল পৰিচালন বজাই ৰখাত কৰ্মচাৰীসকলৰ অমূল্য অৱদানক স্বীকৃতি প্ৰদান কৰে।
আলিপুৰদুৱাৰ মণ্ডলৰ কৰ্মচাৰী আৱাসসমূহৰ নৱীকৰণ আৰু নিৰ্মাণ কাৰ্য বৰ্তমানে চলি আছে। উন্নত পানী যোগান আৰু নিষ্কাশন প্ৰণালী প্ৰদান কৰাৰ বাবে টাইপ-I আৰু টাইপ-II পৰ্যন্ত ১৩৫ টা আৱাসৰ কাম দ্ৰুত গতিত চলি আছে। তদুপৰি, কৰ্মচাৰী আৱাসলৈ যোৱা কলনীৰ পথসমূহ বিটুমেন পৃষ্ঠ আৰু কংক্ৰিট পৃষ্ঠৰ সৈতে পুনৰ্নিৰ্মাণ কৰা হৈছে। তিনিচুকীয়া মণ্ডলৰ ক্ষতিগ্ৰস্ত আৱাসসমূহৰ ভিতৰৰ ৪৬২ টা পুনৰ্নিৰ্মাণ কৰা হৈছে আৰু টাইপ-II আৱাসৰ পৰা টাইপ – IV পৰ্যন্ত ৮৬ টা আৱাসৰ নিৰ্মাণৰ কাম চলি আছে। ৰঙিয়া মণ্ডলত টাইপ-I আৱাসৰ পৰিৱৰ্তে ৮০ টা টাইপ – II আৱাসৰ নিৰ্মাণ কৰা হৈছে। মণ্ডলটোৰ অধীনত ক্ষতিগ্ৰস্ত কলনী পথসমূহ বিটুমেন পৃষ্ঠ আৰু কংক্ৰিট পৃষ্ঠৰ সৈতে উন্নত আৰু পুনৰ্নিৰ্মাণ কৰা হৈছে। একেদৰে, কাটিহাৰ মণ্ডলৰ টাইপ II ৰ পৰা টাইপ-III পৰ্যন্ত ৩২৪ টা আৱাসৰ পুনৰ্নিৰ্মাণ কৰা হৈছে। দাৰ্জিলিং হিমালয়ান ৰেলৱে খণ্ডত টাইপ-II আৱাসৰ পৰা টাইপ – III পৰ্যন্ত ৪৮ টা আৱাসৰ পুনৰ্নিৰ্মাণ কৰা হৈছে।
উত্তৰ পূব সীমান্ত ৰেলৱে সদায় ইয়াৰ কৰ্মচাৰীসকলক সুগম আৰু সুৰক্ষিত ৰেল পৰিচালনৰ বাবে উন্নততৰ সা-সুবিধাসমূহ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।