উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ডিচেম্বৰ ২০২৪ ত ১১৮৪ খন মালবাহী ৰেলৰ ৰেক আনলোড 

  • Current
  • January 8, 2025
  • 0 Comments
Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ডিচেম্বৰ ২০২৪ ত ১১৮৪ খন মালবাহী ৰেলৰ ৰেক আনলোড 

মালিগাওঁ, ০৮ জানুৱাৰী, ২০২৫:

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ ৰাজ্যসমূহৰ প্ৰতিটো কোণলৈ অত্যাৱশ্যকীয় আৰু প্ৰয়োজনীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰাৰ অৰ্থে ডিচেম্বৰ ২০২৪ ত ১১৮৪ খন মালবাহী ৰেলৰ ৰেক সফলতাৰে আনলোড কৰে। ই ২০২৪-২৫ বিত্তীয় বৰ্ষৰ এটা মাহত সৰ্বাধিক সংখ্যক ৰেক আনলোড কৰাটো চিহ্নিত কৰিছে, যাৰ ফলত ডিচেম্বৰ ২০২৪ ৰ শেষলৈ আনলোড কৰা ৰেকৰ মুঠ সংখ্যা ৯,৪০৪ খন হয়।

উত্তৰ পূব সীমান্ত ৰেলৱেই উক্ত মাহটোত এফচিআই চাউল, চেনী, নিমখ, খোৱা তেল, খাদ্যশস্য, সাৰ, টেংক, কয়লা আৰু অন্যান্য সামগ্ৰী আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহন কৰি সেইসমূহ ইয়াৰ অধিক্ষেত্ৰৰ অন্তৰ্গত বিভিন্ন গুডচ শ্বেডত আনলোড কৰে।

ডিচেম্বৰ, ২০২৪ মাহত, অসমত মুঠ ৬৩৮ খন মালবাহী ৰেলৰ ৰেক আনলোড কৰা হয়, যাৰ ভিতৰত ৩১৪ খন অত্যাৱশ্যকীয় সামগ্ৰীৰে লোড কৰা হয়। ত্ৰিপুৰাত ৯৮ খন, নাগালেণ্ডত ১৫ খন, অৰুণাচল প্ৰদেশত ১৩ খন, মণিপুৰত ০৪ খন ৰেক আৰু মিজোৰামত ১০ খন ৰেক উক্ত মাহটোত আনলোড কৰা হয়। তদুপৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অন্তৰ্গত ২০২৪ চনৰ ডিচেম্বৰ মাহত পশ্চিম বংগত ২১১ খন মালবাহী ৰেলৰ ৰেক আৰু বিহাৰত ১৯৫ খন মালবাহী ৰেলৰ ৰেক আনলোড কৰা হয়।

গুৰুত্বপূৰ্ণ খণ্ডসমূহত দ্ৰুতগতিত দ্বৈত ৰেলপথৰ কাম সম্পাদন, উন্নত টাৰ্মিনেল সঞ্চালন সুবিধাৰ ফলত মাল পৰিবহনৰ অন্তৰ্মূখী আৰু বহিৰ্গামী চলাচল বৃদ্ধি পাইছে। সকলো স্তৰত নিৰন্তৰ নিৰীক্ষণৰ ফলত টাৰ্ণ এৰাউণ্ড সময় হ্ৰাস হোৱাৰ লগতে আনলোডিঙৰ দক্ষতাও বৃদ্ধি হৈছে। ইয়াৰ ফলত মালবাহী ৰেলৰ আনলোডিং বৃদ্ধি হোৱাৰ উপৰিও অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ চলাচলো বৃদ্ধি হৈছে।

  • Related Posts

    • Current
    • June 19, 2025
    • 8 views
    • 0 minutes Read
    তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

    Telegram

    TelegramTweetতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম…

    • Current
    • June 19, 2025
    • 7 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *