BTR NEWS

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ১ জানুৱাৰী ২০২৫ ৰ পৰা কাৰ্যকৰী কৰা হব নতুন ৰেলৰ সময়সূচী

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ১ জানুৱাৰী ২০২৫ ৰ পৰা কাৰ্যকৰী কৰা হব নতুন ৰেলৰ সময়সূচী

মুখ্য পথসমূহৰ ভ্ৰমণৰ সময় হ্ৰাস কৰিবলৈ ৪৩খন ৰেলৰ গতিবেগ বৃদ্ধি

 

মালিগাওঁ, ৩১ ডিচেম্বৰ, ২০২৪:

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১ জানুৱাৰী, ২০২৫ তাৰিখৰ পৰা ৰেলৰ নতুন সময়সূচী কাৰ্যকৰী কৰিবলৈ সাজু হৈছে। উন্নীতকৰণ, যাত্ৰীৰ সা-সুবিধাসমূহ অধিক বৃদ্ধি কৰা আৰু সমগ্ৰ অঞ্চলটোত পৰিচালন দক্ষতাৰ ত্বৰান্বিতকৰণ সুশৃংখল কৰাৰ লক্ষ্যৰে বহুতো পৰিৱৰ্তন আনিব। 

নতুন সময়সূচীৰ তালিকাৰ এক গুৰুত্বপূৰ্ণ বিশেষত্ব হৈছে ৪৩ খন ৰেলৰ দ্ৰুতগতিৰে পৰিচালনা কৰি গুৰুত্বপূৰ্ণ পথসমূহত ভ্ৰমণৰ সময় যথেষ্ট হ্ৰাস কৰা হব। উদাহৰণ স্বৰূপে, এছএমভিটি বেংগালুৰু – নিউ তিনিচুকীয়া এক্সপ্ৰেছ (ৰেল নং ২২৫০১) এতিয়া ১২০ মিনিট দ্ৰুতগতিত চলিব, আনহাতে কামাখ্যা – গোমতী নগৰ এক্সপ্ৰেছৰ (ৰেল নং ১৫০৭৭) ৭৫ মিনিট ৰাহি হ’ব। একেদৰে, ডিব্ৰুগড়- হাওৰা এক্সপ্ৰেছৰ (ৰেল নং ১৫৯৬২) ত ভ্ৰমণৰ সময় ৬০ মিনিট হ্ৰাস হ’ব। এই পৰিৱৰ্তনসমূহে যাত্ৰীসকলৰ বাবে দ্ৰুত আৰু অধিক সা-সুবিধা প্ৰদান কৰাৰ দিশত উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।

তদুপৰি, ২৪ খন এক্সপ্ৰেছ ৰেলৰ সময়সূচী যাত্ৰীৰ প্ৰয়োজনীয়তাৰ সৈতে নিয়মিতভাৱে পৰিচালনা কৰিবলৈ এক্সপ্ৰেছ ৰেলৰ সংশোধন কৰা হৈছে। উদাহৰণ স্বৰূপে, নিউ জলপাইগুড়ী – নিউ দিল্লী এক্সপ্ৰেছ (ৰেল নং ১২৫২৩) এতিয়া নিউ জলপাইগুড়ীৰ পৰা ০৮:৪৫ বজাত প্ৰস্থান কৰিব, আনহাতে শিলচৰ- তিৰুৱন্তপুৰম চেণ্ট্ৰেল এক্সপ্ৰেছ (ৰেল নং ১২৫০৮) ১৯:৩০ বজাত শিলচৰৰ পৰা ৰাওনা হ’ব। ইয়াৰ উপৰিও, ১৬ খন ইন্ট্ৰা জোনেল মেইল/এক্সপ্ৰেছ ৰেল আৰু ২৩ খন ডেমু ৰেলৰ সময়সূচী সংশোধন কৰা হৈছে। এই পৰিৱৰ্তনসমূহৰ উদ্দেশ্য হৈছে সংযোগ উন্নত কৰা আৰু যাত্ৰীসকলৰ বাবে সুগম ভ্ৰমণৰ অভিজ্ঞতা নিশ্চিত কৰা। 

উত্তৰ পূব সীমান্ত ৰেলৱেই যাত্ৰীসকলৰ বাবে এক নিৰৱচ্ছিন্ন আৰু বৰ্ধিত ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। নতুন সময়সূচীৰ পৰিৱৰ্তনসমূহে ৰেল পৰিচালনৰ উন্নতকৰণ, ৰেল সংযোগ সম্প্ৰসাৰিত কৰা আৰু যাত্ৰীৰ প্ৰয়োজনীয়তাসমূহ ফলপ্ৰসুভাৱে কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উপলব্ধ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে সেই বিস্তৃত বিৱৰণসমূহ অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হল।

Exit mobile version