
উত্তৰ পূব সীমান্ত ৰেলৱেৰ গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত কিউ আৰ কোড মেচিনৰ ব্যৱস্থা প্ৰৱৰ্তন
উৎসৱৰ ভিৰৰ সময়ত টিকট কাউণ্টাৰত দীঘলীয়া শাৰী হ্ৰাসত সহায়ক
মালিগাঁও, ৪ নৱেম্বৰ, ২০২৪:
‘ডিজিটেল ইণ্ডিয়া’ দৃষ্টিভংগীৰ প্ৰতি সঁহাৰি জনোৱাৰ অৰ্থে আৰু নগদবিহীন লেনদেন সক্ষম কৰি তুলিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ পাঁচোটা মণ্ডলত অৰ্থাৎ কাটিহাৰ, ৰঙিয়া, আলিপুৰদুৱাৰ, লামডিং আৰু তিনিচুকীয়াত কিউআৰ কোড মেচিনৰ সৈতে ৫৮৮ টা বুকিং কাউণ্টাৰ সুসজ্জিত কৰি তুলিছে। এই পদক্ষেপে উত্তৰ পূব সীমান্ত ৰেলৱেৰ নেটৱৰ্কৰ ভিতৰত থকা প্ৰায় সকলো গুৰুত্বপূৰ্ণ ষ্টেচনসমূহৰ যাত্ৰীসকলে বাধাহীন ডিজিটেল পৰিশোধৰ দ্বাৰা লাভান্বিত হ’ব পাৰিব যাৰ ফলত টিকট কাউণ্টাৰসমূহত অধিক সুৰক্ষিতভাৱে টিকট ক্ৰয়ৰ প্ৰক্ৰিয়া নিশ্চিত কৰিব পাৰিব। কাউণ্টাৰসমূহ কৌশলগতভাৱে বিতৰণ কৰা হৈছে অৰ্থাত কাটিহাৰত ১৬৭ টা, আলিপুৰদুৱাৰত ৯৬ টা, ৰঙিয়াত ৮৭ টা, লামডিঙত ১৭৫ টা আৰু তিনিচুকীয়াত ৬৩ টা কাউন্টাৰ আছে।
চলিত উৎসৱৰ বতৰৰ সৈতে, উত্তৰ পূব সীমান্ত ৰেলৱেই যাত্ৰীৰ ভিৰ আৰু চাহিদা নিয়ন্ত্ৰণ কৰাৰ অৰ্থে কেইবাখনো বিশেষ ৰেল আৰম্ভ কৰিছে। বুকিং কাউণ্টাৰত কিউআৰ কোড মেচিনৰ উপলব্ধতাই উৎসৱৰ বতৰত ভিৰ হোৱা যাত্ৰীসকলৰ বাবে বিশেষভাৱে লাভজনক হব, যাৰ ফলত তেওঁলোকে নগদ লেনদেনৰ বাবে দীঘলীয়া শাৰী পৰিহাৰ কৰিব পাৰিব আৰু লগতে দ্ৰুত ডিজিটেল পৰিশোধ মোড চয়ন কৰিব পাৰিব। এই প্ৰণালীয়ে কেৱল যাত্ৰীৰ সুবিধাই বৃদ্ধি নকৰে লগতে নগদ ধনৰ লেনদেন হ্ৰাস কৰি সুৰক্ষা প্ৰটোকলৰ সৈতে সামঞ্জস্য স্থাপনেৰে সকলোৰে বাবে এক সুগম ভ্ৰমণ নিশ্চিত কৰিছে। কিউআৰ কোড-আধাৰিত টিকেটিং প্ৰণালীয়ে যাত্ৰীসকলক বিভিন্ন ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকৰ টিকট বুক কৰিবলৈ শাৰিৰীকভাৱে যোগাযোগৰ প্ৰয়োজন নোহোৱাকৈয়ে ষ্টেচনত কিউআৰ কোড স্কেনৰ জৰিয়তে তেওঁলোকৰ টিকট লাভৰ সুবিধা প্ৰদান কৰিব। এই পদক্ষেপে টিকট কাউণ্টাৰসমূহত যাত্ৰীৰ দীঘলীয়া শাৰী হ্ৰাস কৰিব, নগদ ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে, দ্ৰুত আৰু অধিক সুৰক্ষিত টিকট ক্ৰয় প্ৰক্ৰিয়া নিশ্চিত কৰিব। নগদবিহীন টিকটৰ বাবে কিউআৰ কোড মেচিনৰ প্ৰৱৰ্তন হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা বৰ্ধিত সা-সুবিধাসমূহৰ সৈতে যাত্ৰী সেৱাসমূহ আধুনিকীকৰণৰ দিশত কৰা প্ৰয়াসত প্ৰাপ্ত কৰা আন এক বৃহত সফলতা। টিকট ক্ৰয়ৰ প্ৰণালীত অভিনৱ প্ৰযুক্তি গ্ৰহণ কৰাৰ পৰিণামস্বৰূপে ৰেল যাত্ৰীসকলৰ বাবে ভ্ৰমণ সহজ আৰু সুৰক্ষিত হ’ব।
ইয়াৰ পূৰ্বে, ইতিমধ্যে উত্তৰ পূব সীমান্ত ৰেলৱেই আনৰিজাৰ্ভড টিকেটিং চিষ্টেম (ইউটিএছ) এপৰ জৰিয়তে মোবাইল এপ-আধাৰিত টিকট ক্ৰয় প্ৰণালী গ্ৰহণ কৰিছে। এই এপটোৱে যাত্ৰীসকলক তেওঁলোকৰ পৰিকল্পিত যাত্ৰাৰ বাবে তেওঁলোকৰ স্মাৰ্ট ফোন ব্যৱহাৰ কৰি কেৱল ঘৰৰ পৰাই আৰামেৰে অসংৰক্ষিত টিকট বুক কৰিবলৈ সক্ষম হব।
‘ডিজিটেল ইণ্ডিয়া’ প্ৰয়াসৰ উদ্দেশ্য হৈছে তিনিটা “চি” অৰ্থাৎ কনটেক্টলেছ টিকেটিং, কেছলেছ ট্ৰেনজেকছন আৰু কাষ্টমাৰ কনভেনিয়েন্স আৰু এক্সপেৰিয়েন্সক উৎসাহিতকৰণ। এনেদৰে উত্তৰ পূব সীমান্ত ৰেলৱেই ৰে’ল ব্যৱহাৰকাৰীসকলক বুকিং কাউণ্টাৰত নগদবিহীন টিকট ক্ৰয়ৰ সুবিধা লাভ কৰিবলৈ আৰু ভাৰতীয় ৰে’লৰ এই ডিজিটেল পদক্ষেপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।