উত্তৰ পূব সীমান্ত ৰেলৱেত ‘ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস’ উদযাপন।

  • Current
  • December 14, 2024
  • 0 Comments
Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেত ‘ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস’ উদযাপন

 

মালিগাওঁ, ১৪ ডিচেম্বৰ, ২০২৪:

 

০৮ ডিচেম্বৰ, ২০২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা কাৰ্যসূচীৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা উদযাপিত ‘ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস’ৰ আজি ১৪ ডিচেম্বৰ, ২০২৪ তাৰিখে সামৰণি পৰে। এই উদযাপনৰ মূল উদ্দেশ্য আছিল শক্তিৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। বিভিন্ন কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণেৰে এই শক্তি সংৰক্ষণ সপ্তাহত সমগ্ৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ বৃহৎ সংখ্যক বিষয়াবৰ্গ আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। বিভিন্ন ফিল্ড ইউনিটত শক্তি সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে কৰ্মচাৰীসকলক দিহা পৰামৰ্শ দিয়া হয়।

 

উক্ত সপ্তাহটোত, সমগ্ৰ উত্তৰ পূব সীমান্ত ৰেলৱেত শক্তি সংৰক্ষণ সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচী আৰু কাৰ্যকলাপ, যেনে- লিফলেট বিতৰণ, আৰ্ট আৰু কুইজ প্ৰতিযোগিতা, পোষ্টাৰ আৰু বেনাৰ প্ৰদৰ্শন, বাটৰ নাটৰ আয়োজন কৰা হয়, যাতে কৰ্মচাৰীসকলৰ লগতে শক্তি সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব পৰা যায়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে মুখ্য কাৰ্যালয়ৰ বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলৰ সৈতে শক্তি সংৰক্ষণ অনুশীলনৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক বৈঠকৰ আয়োজন কৰে।

 

এই উদযাপনৰ অংশ হিচাপে, সকলোৰে মাজত শক্তি সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ৰে’ল বিষয়াবৰ্গ আৰু জনসাধাৰণৰ উপস্থিতিত ১৩ ডিচেম্বৰ, ২০২৪ তাৰিখে উত্তৰ পূব সীমান্ত ৰে’লৱে মুখ্য কাৰ্যালয় চৌহদৰ সমীপত এখন বাটৰ নাটৰ আয়োজন কৰা হয়।

 

এই সপ্তাহটোত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন স্থানত শক্তিৰ অপচয় প্ৰতিৰোধৰ বাবে বেনাৰ আৰু শ্ল’গানেৰে জনসজাগতা পদযাত্ৰাৰ আয়োজন কৰা হয়। উন্নত দৃশ্যমানতা সম্পন্ন ৰেলৱে চৌহদসমূহত পোষ্টাৰ লগোৱা হয় আৰু ৰে’লৱে কৰ্মচাৰী আৰু ৰাইজৰ মাজত শক্তি সংৰক্ষণৰ বিষয়ে পৰামৰ্শ থকা লিফলেট বিতৰণ কৰা হয়।

  • Related Posts

    • Current
    • September 17, 2025
    • 9 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    • Current
    • September 17, 2025
    • 15 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    Leave a Reply

    Your email address will not be published. Required fields are marked *