BTR NEWS

উত্তৰ-পূব সীমান্ত ৰেলৱেই ৭৬ সংখ্যক গণৰাজ্য দিৱস যথোপযুক্ত ৰীতিৰে উদযাপন

Telegram

মালিগাওঁ, ২৭ জানুৱাৰী, ২০২৫:

উত্তৰ-পূব সীমান্ত ৰেলৱেই ৭৬ সংখ্যক গণৰাজ্য দিৱস যথোপযুক্ত ৰীতিৰে উদযাপন কৰে। কেন্দ্ৰীয় কাৰ্যসূচীটো মালিগাঁওৰ উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সংস্থাৰ পৰিসৰত অনুষ্ঠিত হয়, য’ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে ৰে’লৱে বিষয়াবৰ্গ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তেওঁ আৰপিএফ, উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সংস্থা, চিভিল ডিফেন্স আৰু ভাৰত স্কাউটছ এণ্ড গাইডছৰ দলৰ দ্বাৰা অনুষ্ঠিত মাৰ্চ-পাষ্ট পৰিদৰ্শন কৰে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ পাঁচোটা মণ্ডল যেনে তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ আৰু কাটিহাৰতো গণৰাজ্য দিৱস উদযাপন কৰা হয়, য’ত সংশ্লিষ্ট মণ্ডলৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধকসকলে মাণ্ডলিক ৰে’লৱে বিষয়াবৰ্গৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মহাপ্ৰবন্ধকে সমবেত লোকসকলৰ উপস্থিতিত ৰে’লৱেৰ সামগ্ৰিক বিকাশৰ লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত বহুতো প্ৰতিকূল পৰিস্থিতি স্বত্বেও সৰ্বশ্ৰেষ্ঠ উপায়েৰে তেওঁলোকৰ দায়িত্ব পালন কৰা সকলো বিষয়াবৰ্গ আৰু কৰ্মচাৰীক অভিনন্দন জনায়। তেখেত বিগত কেইমাহমানত প্ৰাপ্ত কৰা উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ সফলতা সমূহৰ বিষয়েও অৱগত কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে/নিৰ্মাণ সংস্থাইও ৭৬ তম গণৰাজ্য দিৱস উদযাপন কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক শ্ৰী অৰুণ কুমাৰ চৌধাৰীয়ে উত্তৰ পূব সীমান্ত ৰেলৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

 

ইয়াৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেই অসম ৰে’ল সংযোগৰ ৭৫ বছৰীয়া বাৰ্ষিকীও উদযাপন কৰে। ১৯৫০ চনৰ ২৬ জানুৱাৰীত এই ঐতিহাসিক ৰেল পথেৰে প্ৰথমখন যাত্ৰীবাহী ৰেল চলোৱা হয়। দেশ বিভাজনৰ পিছত, উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰেলপথ দেশৰ গুৰুত্বপূৰ্ণ অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে। এনে পৰিস্থিতিত কিষাণগঞ্জৰ পৰা ফকিৰাগ্ৰামলৈ নতুন ৰে’লপথ “অসম ৰে’ল সংযোগ” নিৰ্মাণ কৰা হয়, যিটো অভিলেখ সময়ত সম্পূৰ্ণ কৰা হৈছিল আৰু এই ৰে’ল সংযোগ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হয়।

মহাপ্ৰৱন্ধকে উল্লেখ কৰে যে ৰে’লৱে আন্তঃগাঁথনিত সুৰক্ষা, দক্ষতা আৰু স্থিতিৰ বৃদ্ধিৰ বাবে উদ্ভাৱনী মূলক এআই আধাৰিত কৌশল বিকশিত কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই আইআইটি গুৱাহাটীৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেই অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি কৰ্মচাৰীৰ প্ৰশিক্ষণৰ ওপৰত বিস্তৃতভাৱে গুৰুত্ব আৰোপ কৰিছে। ভি.আৰ. আৰু এ.আৰ. আধাৰিত প্ৰশিক্ষণ এমজেডটিআই, আলিপুৰদুৱাৰত প্ৰদান কৰা হৈছে। পাণ্ডুৰ বিশেষ এছ এণ্ড টি প্ৰশিক্ষণ কেন্দ্ৰটো শেহতীয়াকৈ ডিজিটেল শ্ৰেণীকোঠা আৰু সম্পূৰ্ণ স্কেল মডেলৰ সৈতে উন্নীত কৰা হৈছে। চিএলআই আৰু ৰাণিং ষ্টাফৰ কাউন্সিলিং প্ৰদানৰ বাবে জ্ঞানৱাপী এপো মুকলি কৰা হৈছে।

তেওঁৰ ভাষণত নিউ বঙাইগাঁওৰ পৰা ৰঙিয়া হৈ আগিয়াঠুৰী লৈ আৰু গোৱালপাৰা হৈ নিউ বঙাইগাওঁৰ পৰা আজাৰা লৈ সমগ্ৰ পথটোত সম্পূৰ্ণ হোৱা দ্বৈত ৰেলপথ প্ৰকল্পৰ বিষয়েও উল্লেখ কৰে। মিজোৰামত ৰে’লৱেৰ পথ প্ৰশস্ত কৰি ভৈৰবী আৰু হৰতকীৰ মাজত নতুনকৈ স্থাপন কৰা ব্ৰডগজ ৰেলপথটো কাৰ্যকৰী কৰা হৈছে। ডিচেম্বৰ পৰ্যন্ত ৰে’লৱে ২৪৪.৮৬ ৰুট কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ কৰা হৈছে, যাৰ ফলত মুঠ বৈদ্যুতিকৰণ দৈৰ্ঘ্য ২৮২৮ ৰুট কিলোমিটাৰ পৰ্যন্ত হৈছে। তেওঁ লগতে জনায় যে উত্তৰ-পূব সীমান্ত ৰে’লৱেত এতিয়া মুঠ ৮ টা যন্ত্ৰচালিত লণ্ড্ৰী কাৰ্যক্ষম হৈ আছে, যাৰ ভিতৰত নিউ গুৱাহাটীৰ অত্যাধুনিক ১৬ টন ক্ষমতাৰ বুট লণ্ড্ৰী অন্তৰ্ভূক্ত আছে।

সুৰক্ষা আৰু কাৰ্যকৰী দক্ষতাৰ বিকাশৰ বাবে, মহাপ্ৰৱন্ধকে লগতে উল্লেখ কৰে যে যোৱা ন মাহত ৬ যোৰ নতুন ৰে’ল সেৱা আৰম্ভ কৰা হয়, ১১০ খন বিশেষ ৰে’ল পৰিচালন হৈছে আৰু ৮৫ টা ৰেকত ২৮৪ টা ডবা সংযোগ কৰা হৈছে। ২৯ টা ষ্টেচনত স্বয়ংক্ৰিয় অগ্নি চিনাক্তকৰণ আৰু এলাৰ্ম প্ৰণালী আৰম্ভ কৰা হৈছে আৰু ১১৯১ এলএইচবি এচি ডবা, ১৩৫ খন পাৱাৰ কাৰ আৰু ৭৫ খন পেণ্ট্ৰী কাৰত অগ্নি প্ৰতিৰোধ প্ৰণালী উপলব্ধ কৰা হৈছে। মহাপ্ৰবন্ধকে লগতে কয় যে উঃ পূঃ সীঃ ৰেলৱেৰ অধীনৰ ১৪১ কিলোমিটাৰ ব্লক ছেকচন ইনট্ৰোছন ডিটেকশন চিস্টেমৰ দ্বাৰা সামৰি লোৱা হৈছে।

তেওঁৰ ভাষণত, মহাপ্ৰৱন্ধকে উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া আন্তঃগাঁথনিৰ অবিৰতভাৱে উন্নীত কৰাৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সংস্থাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলৰ প্ৰশিক্ষণৰ দ্বাৰা ৯ খন একাডেমী চলাই আছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ ক্ৰীড়া সংস্থাৰ ক্ৰিকেট ষ্টেডিয়ামক বিচিচিআইৰ মানদণ্ডলৈ উন্নীত কৰা হৈ আছে। তেওঁ ৰাষ্ট্ৰীয়/আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা উত্তৰ পূব সীমান্ত ৰেলৱেৰ খেলুৱৈসকলকো অভিনন্দন জনায়।

এই উপলক্ষে আয়োজিত অনুষ্ঠানটোত মহাপ্ৰৱন্ধকে মালিগাঁৱৰ কেন্দ্ৰীয় চিকিৎসালয়ত স্নাতকোত্তৰ চিকিৎসকসকলৰ বাবে পুনৰ নিৰ্মাণ কৰা ডৰমিটৰী হোষ্টেল আৰু ৰোগীসকলৰ সুবিধাৰ বাবে পুনৰ নিৰ্মাণ কৰা কেবিনো উদ্বোধন কৰে। তেওঁ লগতে মালিগাঁওৰ নিউ ৱেষ্ট নামবাৰীত এখন শিশু উদ্যানো উদ্বোধন কৰে।

Exit mobile version