BTR NEWS

উড়িয়া ভাষাত প্ৰাথমিক স্তৰত শিক্ষাদানৰ দাবী অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ

Telegram

উড়িয়া ভাষাত প্ৰাথমিক স্তৰত শিক্ষাদানৰ দাবী
অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ

অসম চৰকাৰে উড়িয়া জনগোষ্ঠীৰ সংবিধানিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ-

 

তামুলপুৰ,৩০ ডিচেম্বৰ-

 

উড়িয়া ভাষাত প্ৰাথমিক স্তৰত শিক্ষাদানৰ দাবী জনাইছে

অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদে৷ এক প্ৰেছ যোগে অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্মীধৰ তাঁতিয়ে এই দাবী জনাই কয়,
শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে ৰাজ্য বসবাস কৰা ৭ টাকৈ জনগোষ্ঠীয় ভাষাক প্ৰাথমিক স্তৰত শিক্ষাদান কৰিবলৈ লোৱা সিদ্ধান্তত গ্ৰহণ কৰিছে ৷

 

এই ক্ষেত্ৰত উড়িয়া ভাষত প্ৰাথমিক স্তৰত শিক্ষাদানৰ বাবে নিৰ্বাচন নকৰাত ক্ষোভ প্ৰকাশ কৰিছে অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদে ৷ এক প্ৰেছ বিজ্ঞপ্তি যোগে অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্মীধৰ তাঁতীয়ে প্ৰকাশ কৰে যে,অসম চৰকাৰে গ্ৰহণ কৰে এনে জনগোষ্ঠীয় বৰ্ণ বৈষম্য মূলৰ সিদ্ধান্তই আগন্তুক দিনত বিজেপি চৰকাৰৰ ক্ষতি কৰিব ৷

 

অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্মী তাঁতীয়ে প্ৰেছ বিবৃতিক প্ৰকাশ কৰি কয়, ভাৰতবৰ্ষৰ সংবিধানে স্বীকৃতি দিয়া অতিপ্ৰাচীন তথা ক্লাচিকেল ভাষা উড়িয়া ভাষাক অসম চৰকাৰে বাৰম্বাৰ প্ৰতাৰণা কৰাটো সহ্য কৰা নহব ৷উড়িয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰাথমিক পৰ্যায়ত নিজৰ মাতৃভাষাত অধ্যয়ণৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি কয় অসমত বসবাস কৰা পঞ্চাশ লক্ষাধিক উড়িয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে ৷ কিন্তু অসম চৰকাৰে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি অহা পৰিলক্ষিত হৈছে ৷ এইয়া গৰিহণাৰ যোগ্য ৷ অসম চৰকাৰে উড়িয়া জনগোষ্ঠীক প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কেবিনেট বৈঠকত উড়িয়া ভাষাই স্থান নোপোৱাটো অতি দূৰ্ভাগ্যজনক ৷ ইয়াৰ জড়িয়তে চৰকাৰৰ দুমুখীয়া নীতি বুলি প্ৰেছ বিবৃতিটোত উল্লেখ কৰে অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে ৷

 

বিবৃতিটোত অসমৰ যি কেইটা জনগোষ্ঠীয় ভাষাক কেবিনেটত প্ৰাথমিক পৰ্যায়ত শিক্ষাদানৰ বাবে সিদ্ধান্ত কৰা ঘোষণা আদৰণি জনাই উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে উড়িয়া ভাষাক কি কাৰনত এলাগী কৰা হল তাৰ উত্তৰ বিচাৰে অসম চৰকাৰৰ পৰা ৷ বিবৃতিটোত অসম চৰকাৰক আগন্তুক বৰ্ষৰ আৰম্ভণিতে উড়িয়া ভাষাত প্ৰাথমিক শিক্ষাদান কৰাৰ দাবী জনাই উড়িয়া যুৱ ছাত্ৰ পৰিষদ সভাপতি গৰাকীয়ে ৷ অন্যথা আগন্তুক বৰ্ষৰ জানুৱাৰী মাহতে উড়িয়া ভাষাক লৈ চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ অসমতে তীব্ৰ গণতান্ত্ৰিক গঢ়ি তোলা হব বুলি প্ৰকাশ কৰে অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্মীধৰ তান্তিয়ে ৷

Exit mobile version