BTR NEWS

উচ্ছেদৰ পিছতে ৰেংমা বনাঞ্চলত নগাই আঁৰিলে ফলক, সাঁজিলে অস্থায়ী গৃহ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে প্ৰশাসনিক বিষয়াৰ লগতে চিআৰপিএফ বাহিনী।

Telegram

উচ্ছেদ অভিযান সম্পন্ন হোৱাৰ পাছতে ৰেংমা বনাঞ্চলত পুনৰ উত্তেজনা সৃষ্টি হৈছে। স্থানীয় নগাই জনগোষ্ঠীৰ কেইবাগৰাকী লোকে উচ্ছেদ কৰা অঞ্চলত আঁৰিলে ফলক আৰু সাঁজিলে অস্থায়ী গৃহ। বনাঞ্চলৰ ভিতৰত এই পুনঃঅৱস্থানৰ চেষ্টা স্থানীয় প্রশাসনক চিন্তিত কৰিছে।

 

ঘটনাৰ খবৰ পোৱা মাত্রেই আৰক্ষী আৰু বন বিভাগৰ কৰ্তৃপক্ষই ঘটনাস্থলীত উপস্থিত হয়। সুৰক্ষাৰ বাবে চিআৰপিএফ বাহিনীকো তৎপৰতাৰে মুকলি কৰা হৈছে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ অভিযান চলি আছে বুলি প্রশাসনে জনাইছে।

 

স্থানীয়সূত্ৰে জানিব পৰা মতে, উচ্ছেদৰ পাছতো পুনৰ বাসস্থান স্থাপন নগাই জনগোষ্ঠীৰ এক প্ৰতিবাদমূলক পদক্ষেপ। যদিও প্রশাসনে স্পষ্টকৈ কয় যে, বনাঞ্চলত কোনো ধৰণৰ অবৈধ দখল বা পুনৰ নিৰ্মাণ সহ্য কৰা নহ’ব।

 

পৰিস্থিতি অশান্ত নোহোৱাকৈ ৰাখিবলৈ আৰক্ষী, চিআৰপিএফ আৰু বন কৰ্মচাৰী সকলে সতর্কতা অৱলম্বন কৰি আছে।

 

Exit mobile version