
ইণ্ডিয়া গেটৰ নাম ‘ভাৰত মাতা দ্বাৰ’ কৰাৰ দাবী
জামাল ছিদ্দিকীয়ে পত্ৰটোত উল্লেখ কৰিছে যে ইণ্ডিয়া গেটৰ ইতিহাসে ব্রিটিছ সাম্ৰাজ্যৰ দাসত্বক প্ৰতিফলিত কৰে। তেখেতে দাবী কৰিছে যে, ইণ্ডিয়া গেটৰ নাম সলনি কৰি ‘ভাৰত মাতা দ্বাৰ’ নামকৰণ কৰিলে, এই স্থানটো ৰাষ্ট্ৰীয় গৌৰৱ আৰু দেশপ্ৰেমৰ নতুন পৰিচায়ক হ’ব।
এই দাবীৰ ওপৰত চৰকাৰৰ কী সিদ্ধান্ত আহে আৰু সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া কেনেকুৱা হয়, তাৰ ওপৰত সকলোৰে দৃষ্টি নিবন্ধিত।