BTR NEWS

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাবে সময় যেন দিনক দিনে কঠিন হৈ পৰিছে।

Telegram

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাবে সময় যেন দিনক দিনে কঠিন হৈ পৰিছে।

 

মাৰমুখী সমালোচনাৰ মাজত এতিয়া তেওঁৰ বিপদ বাঢ়িছে UK আৰু কানাডাৰ মতামতৰ পিছত। এই দেশদুটাই ঘোষণা কৰিছে যে আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালত (ICC) জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানা তেওঁলোক মানি চলিব। ইয়াৰ অৰ্থ, নেতান্যাহু যদি এই দেশবোৰৰ ভূমিত পা ৰাখে, তেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব।

 

UK আৰু কানাডাৰ এই স্থিতিয়ে ইজৰাইলৰ ভিতৰতো চৰ্চা আৰু সমালোচনাৰ সৃষ্টি কৰিছে। ইফালে, গ্ৰেপ্তাৰৰ আশংকাত নেতান্যাহুৱে ইজৰাইল এৰি পলায়ন কৰাৰ সম্ভাৱনাও প্ৰায় অকলপোৱা, কাৰণ দেশৰ ভিতৰতে নিজক সুৰক্ষিত ৰাখিবলৈ তেওঁ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

 

ইজৰাইলৰ চৰকাৰৰ একাংশে এই পৰিস্থিতিক “ৰাজনৈতিক ষড়যন্ত্ৰ” বুলি অভিহিত কৰিছে। কিন্তু আন্তঃৰাষ্ট্ৰীয় মঞ্চত নেতান্যাহুৰ বাবে এটা সংকটময় সময় আৰম্ভ হৈছে। নেতান্যাহুৰ পদক্ষেপ আৰু ইজৰাইলৰ ভবিষ্যৎ ৰাজনৈতিক স্থিতি সম্পৰ্কে বিশ্বজুৰি আগ্ৰহ বৃদ্ধি পাইছে।

 

Exit mobile version