BTR NEWS

ইউপিপিএলক পূৰ্ণ সমৰ্থন চিৰাং আৰু কোকৰাঝাৰ জিলা জামে মছজিদ ইমাম পৰিষদৰ

Telegram

ইউপিপিএলক পূৰ্ণ সমৰ্থন চিৰাং আৰু কোকৰাঝাৰ জিলা জামে মছজিদ ইমাম পৰিষদৰ

 

কোকৰাঝাৰ, ৩ ছেপ্টেম্বৰঃ

আসন্ন বিটিআৰ পৰিষদীয় নিৰ্বাচনত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউনাইটেড পিপল্‌ছ্‌ পাৰ্টি লিবেৰেল (ইউপিপিএল) দললৈ পূৰ্ণ সমৰ্থন ঘোষণা কৰিছে চিৰাং আৰু কোকৰাঝাৰ জিলা জামে মছজিদ ইমাম পৰিষদে।

 

বুধবাৰে কোকৰাঝাৰত আয়োজিত এক সংবাদ মেলত পৰিষদৰ সম্পাদক শ্বেখ আহমেদ আলীয়ে এই ঘোষণা কৰে। তেওঁ সংবাদ মেলত কৈ যে,

“শান্তি-সম্প্ৰীতি, বিকাশ আৰু প্ৰতিটো জাতি-জনগোষ্ঠীৰ সুৰক্ষা-নিৰাপত্তাৰ স্বাৰ্থত আমি ইউপিপিএল দলক সমৰ্থন জনাইছোঁ। বিজেপি দল সাম্প্ৰদায়িক কাৰচাজিৰে বিটিআৰ দখল কৰিবলৈ চেষ্টা কৰিছে, সেইকাৰণে আমি ৰাইজক বিজেপিক বহিষ্কাৰ কৰি ইউপিপিএলক সমৰ্থন জনাবলৈ আহ্বান জনাইছোঁ।”

 

ইমাম পৰিষদৰ সম্পাদক আহমেদ আলীয়ে লগতে কয় যে বৰ্তমান বিটিআৰত শান্তিপূৰ্ণ পৰিৱেশ বিদ্যমান, এই শান্তি বিঘ্নিত নকৰি স্থায়ী শান্তিৰ স্বাৰ্থতেই ইউপিপিএলক সমৰ্থন কৰা হৈছে।

 

সংবাদ মেলখনত চিৰাং আৰু কোকৰাঝাৰ জিলা জামে মছজিদ ইমাম পৰিষদৰ সভাপতি হাফিছ কুতুবউদ্দিন মোল্লা, উপ-সভাপতি ৰহমতোল্লাহ শ্বেখ, সহকাৰী সম্পাদক আজিজুল হক, সাংগঠনিক সম্পাদক আহমেদ আলীসহ একুৰিৰো অধিক ইমাম উপস্থিত আছিল।

Exit mobile version