BTR NEWS

আৰ্থিক দৰিদ্ৰতাই গ্ৰাস কৰা তামুলপুৰৰ এটা পৰিয়ালৰ দুৰ্বিসহ জীৱন।

Telegram

আৰ্থিক দৰিদ্ৰতাই গ্ৰাস কৰা তামুলপুৰৰ এটা পৰিয়ালৰ দুৰ্বিসহ জীৱন।

 

দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মনোজ দাস বৰ্তমান শয্যাগত।

 

চাহ দোকানত কাৰিকৰৰ কাম কৰি পত্নী সহ দুটি কন্যা সন্তানেৰে জীৱন নিৰ্বাহ কৰিছিল মনোজ দাসে।

 

কোনোমতে পৰিয়াল পোহপাল দিয়া মনোজ দাস নামৰ তামুলপুৰৰ ঘোগাপাৰ গাঁওৰ যুৱকজন বৰ্তমান বৃক্ক আৰু যকৃতৰ ৰোগত গুৰুতৰভাৱে আক্ৰান্ত

 

মনোজ দাস নামৰ ৩৫ বছৰীয়া যুৱকজনক নলবাৰী মেডিকেল কলেজ হস্পিতালত চিকিৎসা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ নিয়াৰ পৰামৰ্শ চিকিৎসকৰ।

 

অসহায় দৰিদ্ৰ পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনোৱাৰ লগতে অসমৰ ৰাইজক সহায়ৰ বাবে অনুৰোধ জনাইছে।

 

কোনো সুহৃয়বান ব্যক্তিয়ে মনোজ দাসক সহায় কৰিব বিছাৰিলে বেংক একাউন্ট নম্বৰ

A/C No– 92201 00651 00543 ,

IFSC — UTIB0005095

নাইবা মোবাইল নম্বৰ 7635872817 অথবা টেলিভিচন স্কৃনত দিয়া স্কেনাৰ যোগেও সহায় কৰিব পাৰিব।

Exit mobile version