BTR NEWS

আৰোহণ আৰ্টিষ্ট গীল্ডৰ তামুলপুৰৰ সমাজকৰ্মী দয়াল দাসলৈ আৰোহণ সামাজিক সমন্বয় বঁটা।

Telegram

আৰোহণ আৰ্টিষ্ট গীল্ডৰ তামুলপুৰৰ সমাজকৰ্মী দয়াল দাসলৈ আৰোহণ সামাজিক সমন্বয় বঁটা।

 

তামুলপুৰ, ৩০ ডিচেম্বৰঃ

 

ৰাজ্যৰ অগ্ৰণী শিক্ষা,সাহিত্য,সমাজ, সাংস্কৃতিক অনুষ্ঠান আৰোহণ গীল্ডৰ প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী উপলক্ষে ২৭ ডিচেম্বৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ ২০ জন বিশিষ্ট ব্যক্তিক আৰোহণ বঁটা প্ৰদান কৰা হয়। তদুপলক্ষে তামুলপুৰৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী দয়াল দাসৰ নিজ বাসগৃহত আজি আৰোহণ আৰ্টিষ্ট গীল্ডৰ এটি সজাতি দল উপস্থিত হৈ বিশিষ্ট সমাজকৰ্মী গৰাকীক

আৰোহণ সামিজক সমন্বয় বটা প্ৰদান কৰে। দয়াল দাসক ফুলাম গামোচা, মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰি সুদূৰ ভৱিষ্যতে সমাজখনৰ হকে কামকৰি যাবলৈ উৎসাহ যোগাই।

Exit mobile version