
আহি গ’ল নতুন ৰোড SOP: ৰাজপথত খোজ কাঢ়োতে, বাহন চলাওঁতে মানি চলিব কেইবাটাও নিয়ম
নতুন SOPৰ বিশেষ দিশসমূহঃ
পথচাৰীৰ সুৰক্ষা নিশ্চিতকৰণঃ
জেব্ৰা ক্রছিং ব্যৱহাৰ কৰাটো বাধ্যতামূলক।
মোবাইল ফোন ব্যৱহাৰ কৰি ৰাজপথ পাৰ ‘হোৱাত নিষেধ।
ফুটপাথেৰে খোজ কাঢ়াটো বাধ্যতামূলক।
বাহনৰ গতি সীমিতকৰণঃ
চহৰাঞ্চলত ৪০ কিমি/ঘণ্টাৰ অধিক গতি নিষিদ্ধ।
বিদ্যালয়ৰ চাৰিওফালে গতি সীমা ২০ কিমি/ঘণ্টা।
বাহনৰ কাগজ-পত্র ঠিকঠাক ৰাখিবলৈ আহ্বান।
নিশা চালনৰ নতুন নিয়মঃ
নিশা চলাচল কৰা বাহনক বিশেষ ৰঙা লাইট ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ।
ড্ৰাইভিং কৰাৰ সময়ত মোবাইল ব্যৱহাৰ কৰিলে কঠোৰ শাস্তি।
দুৰ্ঘটনা হ্ৰাসৰ পদক্ষেপঃ
হেলমেট আৰু ছিটবেল্ট পৰিধান কৰাটো বাধ্যতামূলক।
ৰঙা বাতি ওলাই থকা অৱস্থাত গাড়ী বিৰতি কৰিবই লাগিব।
ডিজিটেল ব্যৱস্থা গ্ৰহণঃ
দ্ৰুত ট্ৰেকিং আৰু পেমেন্টৰ বাবে QR ক’ড সংযোজন।
বাহনৰ নথি পৰীক্ষাৰ বাবে মোবাইল এপ্ মাধ্যমে ব্যৱস্থা।
শাস্তি আৰু জৰিমনা
নিয়ম উলংঘা কৰিলে প্ৰথম বাৰত সতর্কীকৰণ দিয়া হ’ব। তাৰ পাছত কঠোৰ শাস্তি আৰু জৰিমনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এই SOP-সমূহে পথ সুৰক্ষা আৰু পৰিবহন ব্যৱস্থাক উন্নত কৰিব। ৰাজহুৱা সুৰক্ষাৰ বাবে সকলো নাগৰিকে এই নিয়ম মানি চলাটো অত্যাৱশ্যক। নতুন SOP সম্পৰ্কে জনসচেতনতা বৃদ্ধিৰ বাবে চৰকাৰে বিশেষ অভিযান চলাব।
আপোনাৰ মতামত বা প্ৰশ্ন থাকিলে মন্তব্যত জনাব।