আপডেট: ষট উৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেত বিশেষ ৰেল 

Telegram

আপডেট: ষট উৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেত বিশেষ ৰেল

 

 

মালিগাঁও, ১০ নৱেম্বৰ, ২০২৪:

 

ষট উৎসৱৰ পৰৱৰ্তী সময়ত ৰে’ল ষ্টেচনসমূহত হোৱা যাত্ৰীসকলৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱেত ১১ নৱেম্বৰ, ২০২৪ তাৰিখে দহখন বিশেষ ৰেল সেৱা পৰিচালন কৰা হব।

 

১১ নৱেম্বৰ, ২০২৪ ৰ বাবে বিশেষ ৰেলৰ বিস্তৃত বিৱৰণ:

 

ৰেল নং ০৫৭৪৪ (কাটিহাৰ- ছাপ্ৰা) বিশেষ কাটিহাৰৰ পৰা ১৬:০০ বজাত প্ৰস্থান কৰি পিছদিনা ০০:২০ বজাত ছাপ্ৰাত গৈ উপস্থিত হব।

ৰেল নং ০৫৭৩৮ (কাটিহাৰ- গোমতী নগৰ) বিশেষ কাটিহাৰৰ পৰা ১১:২৫ বজাত প্ৰস্থান কৰি পিছদিনা ০৭:১৫ বজাত গোমতী নগৰত গৈ উপস্থিত হ’ব।

ৰেল নং ০৭৫৪১ (কাটিহাৰ- দৌৰম মাধেপুৰা) বিশেষ কাটিহাৰৰ পৰা পিছদিনা ১৯:০০ বজাত প্ৰস্থান কৰি ২২:০০ বজাত দৌৰম মাধেপুৰাত গৈ উপস্থিত হব।

ৰেল নং ০৭৫৪০ (কাটিহাৰ – মণিহাৰী) বিশেষ কাটিহাৰৰ পৰা ২০:৩০ বজাত প্ৰস্থান কৰি ২১:৩০ বজাত মণিহাৰীত গৈ উপস্থিত হব।

ৰেল নং ০৫৭৪১ (গোমতী নগৰ – নিউ জলপাইগুড়ী) বিশেষ গোমতী নগৰৰ পৰা ০৯:২০ বজাত প্ৰস্থান কৰি পিছদিনা ১০:৪৫ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হব।

ৰেল নং ০৫৬৩৮ (শিলচৰ- নাহৰলগুন) বিশেষ শিলচৰৰ পৰা ১৩:৫০ বজাত প্ৰস্থান কৰি পিছদিনা ০৮:৪০ বজাত নাহৰলগুনত গৈ উপস্থিত হব।

ৰেল নং ০৮১৮১ (টাটানগৰ- কাটিহাৰ) বিশেষ টাটানগৰৰ পৰা ২২:৪০ বজাত প্ৰস্থান কৰি পিছদিনা ১৫:১৫ বজাত কাটিহাৰত গৈ উপস্থিত হব।

ৰেল নং ০৮৬২৫ (পূৰ্ণিয়া কোৰ্ট – ৰাঁচী) বিশেষ পূৰ্ণিয়া কোৰ্টৰ পৰা ১২:১০ বজাত প্ৰস্থান কৰি পিছদিনা ০৫:৩০ বজাত ৰাঁচীত গৈ উপস্থিত হব।

ৰেল নং ০৭০৩০ (ছেকেন্দ্ৰাবাদ – আগৰতলা) বিশেষ ছেকেন্দ্ৰাবাদৰ পৰা ১৬:৩৫ বজাত প্ৰস্থান কৰি ১৪ নৱেম্বৰ, ২০২৪ তাৰিখে ০৩:১০ বজাত আগৰতলাত গৈ উপস্থিত হব।

ৰেল নং ০৫৭৯৮ (যোগবানী- অমৃতসৰ) বিশেষ যোগবানীৰ পৰা ২০:২০ বজাত প্ৰস্থান কৰি ১৩ নৱেম্বৰ, ২০২৪ তাৰিখে ১৩:৪০ বজাত অমৃতসৰত গৈ উপস্থিত হ’ব।

 

যাত্ৰীসকলৰ সা-সুবিধাৰ বাবে ষ্টেচনসমূহত ব্যাপক ব্যৱস্থা প্ৰদান কৰা হৈছে। ৰে’লৱে সুৰক্ষা বাহিনীয়ে ষ্টেচনসমূহত অৱস্থান কৰা ৰে’লত যাত্ৰীসকলৰ বাবে সুসংগঠিত আৰু সুগম উঠা-নমাৰ ব্যৱস্থা নিশ্চিত কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত যাত্ৰীৰ সা-সুবিধাৰ বাবে ৰেলযাত্ৰীৰ বাবে ৰাজহুৱা ঘোষণা প্ৰণালী, ট্ৰেন ডিচপ্লে বোৰ্ড, বহাৰ স্থান আৰু চিচিটিভি কেমেৰাৰ সৈতে প্ৰতীক্ষাৰ স্থানৰ সুবিধা প্ৰদান কৰা হৈছে। আপডেট কৰা বিস্তৃত তথ্য আৰু বিশদ বিৱৰণৰ বাবে যাত্ৰীসকলক উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন সামাজিক মাধ্যম প্লেটফৰ্মত অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

  • Related Posts

    Swachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission

    Telegram

    TelegramTweetSwachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission   Maligaon, 09th August, 2025:   In line with Indian Railways nationwide Swachhata Campaign launched in connection with…

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন 

    Telegram

    TelegramTweetউত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন    মালিগাঁও, ৩ আগষ্ট, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীৱাস্তৱে ৩০ জুলাই ২০২৫ তাৰিখে মালিগাঁওৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *