আপডেট: উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ষট উৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ৰেল।

Telegram

আপডেট: উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ষট উৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ৰেল

 

 

মালিগাঁও, ৮ নৱেম্বৰ, ২০২৪:

 

৯ নৱেম্বৰ, ২০২৪ তাৰিখে, ষট উৎসৱৰ বাবে ৰে’ল ষ্টেচনসমূহত হোৱা যাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা আঠখন বিশেষ ৰেল সেৱা পৰিচালন কৰা হব।

 

৯ নৱেম্বৰ, ২০২৪ ৰ বাবে বিশেষ ৰেলৰ বিস্তৃত বিৱৰণ:

 

ৰেল নং ০৫৯০৩ (কাটিহাৰ-মুজফ্ফৰপুৰ) বিশেষ কাটিহাৰৰ পৰা ২১:৪০ বজাত প্ৰস্থান কৰি পিছদিনা ০৪:০০ বজাত মুজফ্ফৰপুৰত গৈ উপস্থিত হব।

ৰেল নং ০৭৫৪১ (কাটিহাৰ-দৌৰম মাধপুৰা) বিশেষ কাটিহাৰৰ পৰা ১৯:০০ বজাত প্ৰস্থান কৰি ২২:০০ বজাত দৌৰম মাধপুৰাত গৈ উপস্থিত হব।

ৰেল নং ০৪০৪৭ (কাটিহাৰ-আনন্দ বিহাৰ টাৰ্মিনেল) বিশেষ কাটিহাৰৰ পৰা ১৮:০০ বজাত প্ৰস্থান কৰি পিছদিনা। ১৭:৫০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব।

ৰেল নং ০৭৫৪০ (কাটিহাৰ-মণিহাৰী) বিশেষ কাটিহাৰৰ পৰা ২০:৩০ বজাত প্ৰস্থান কৰি ২১:৩০ বজাত মণিহাৰীত গৈ উপস্থিত হব।

ৰেল নং ০৫৭৪০ (নিউ জলপাইগুড়ী-পাটনা) বিশেষ নিউ জলপাইগুড়ীৰ পৰা ০৫:০০ বজাত প্ৰস্থান কৰি ১৭:৪০ বজাত পাটনাত গৈ উপস্থিত হব।

ৰেল নং ০৪১৯৬ (ফৰবেচগঞ্জ-আগ্ৰা কেণ্ট) বিশেষ ফৰবেচগঞ্জৰ পৰা ১৮:৪০ বজাত প্ৰস্থান কৰি ০৭:১০ বজাত ১১ নৱেম্বৰ, ২০২৪ তাৰিখে আগ্ৰা কেণ্টত গৈ উপস্থিত হ’ব।

ৰে’ল নং ০৫৯৩২ (ডিব্ৰুগড়-কলকাতা টাৰ্মিনেল) বিশেষ ডিব্ৰুগড়ৰ পৰা ১৭:২০ বজাত প্ৰস্থান কৰি পিছদিনা ২৩:০০ বজাত কলকাতাত গৈ উপস্থিত হব।

ৰেল নং ০৯৫২৬ (নাহৰলগুন-হাপা) বিশেষ নাহৰলগুনৰ পৰা ১০:০০ বজাত প্ৰস্থান কৰি ০০:৩০ বজাত ১২ নৱেম্বৰ, ২০২৪ তাৰিখে হাপাত গৈ উপস্থিত হব।

 

যাত্ৰীসকলৰ সা-সুবিধাৰ বাবে ষ্টেচনসমূহত ব্যাপক ব্যৱস্থা প্ৰদান কৰা হৈছে। ৰে’লৱে সুৰক্ষা বাহিনীয়ে ষ্টেচনসমূহত অৱস্থান কৰা ৰে’লত যাত্ৰীসকলৰ বাবে সুসংগঠিত আৰু সুগম উঠা-নমাৰ ব্যৱস্থা নিশ্চিত কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰেলযাত্ৰীৰ বাবে ৰাজহুৱা ঘোষণা প্ৰণালী, ট্ৰেন ডিচপ্লে বোৰ্ড, বহাৰ স্থান আৰু চিচিটিভি কেমেৰাৰ সৈতে প্ৰতীক্ষা স্থানৰ সুবিধা প্ৰদান কৰা হৈছে। আপডেট কৰা বিস্তৃত তথ্য আৰু বিশদ বিৱৰণৰ বাবে যাত্ৰীসকলক উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন সামাজিক মাধ্যম প্লেটফৰ্মত অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

  • Related Posts

    Swachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission

    Telegram

    TelegramTweetSwachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission   Maligaon, 09th August, 2025:   In line with Indian Railways nationwide Swachhata Campaign launched in connection with…

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন 

    Telegram

    TelegramTweetউত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন    মালিগাঁও, ৩ আগষ্ট, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীৱাস্তৱে ৩০ জুলাই ২০২৫ তাৰিখে মালিগাঁওৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *