আন্তৰ্জাতিক সমবায় বৰ্ষৰ লগত সংগতি ৰাখি সমবায় বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি কচুবাৰীত এখনি সজাগতা সভা 

Telegram

আন্তৰ্জাতিক সমবায় বৰ্ষৰ লগত সংগতি ৰাখি সমবায় বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি কচুবাৰীত এখনি সজাগতা সভা 

 

*তামুলপুৰ, ২৫ জুলাই, ২০২৫* :

 

আন্তৰ্জাতিক সমবায় বৰ্ষৰ লগত সংগতি ৰাখি সমবায় বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি কচুবাৰীস্থিত মহাপ্ৰভু শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰৰ সভাগৃহত এখনি সজাগতা সভা অনুষ্ঠিত হয়। সমবায় বিভাগৰ বিষয়া কবিতা ৰাণী দাসে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয়, “এই সজাগতা সভাৰ জৰিয়তে তামুলপুৰত সমবায়সমূহৰ যি সম্ভাৱনা আছে, সি অতি শক্তিশালী হ’ব। বিশেষকৈ ভাৰত-ভূটান সীমান্তৱৰ্তী এই জিলাখনত আন্তৰ্জাতিক ব্যৱসায় বাণিজ্যৰ যি সম্ভাৱনা আছে, আমাৰ সমবায়সমূহে তাক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰিব পাৰি।”

 

সমবায়সমূহৰ জৰিয়তে কি কি কৰিব পাৰি, এইক্ষেত্ৰত চৰকাৰে দিয়া আঁচনি, স্থানীয় সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰে বৈদেশিক বাণিজ্য, বেংকসমূহৰ ঋণ প্ৰদান আদিৰ বিস্তৃত বিশ্লেষণেৰে স্থানীয় বিধায়ক জলেন দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, পাৰিষদ হেমন্ত কুমাৰ ৰাভা, পদ্মশ্ৰী খৰ্বেশ্বৰ বসুমতাৰী আদিয়ে নিজৰ মত ব্যক্ত কৰে। আজিৰ সভাত নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া উৎপল বেজবৰুৱা, আই চি এম, গুৱাহাটীৰ সমল ব্যক্তি ডঃ প্ৰণৱ বৈশ্য, ৰঙিয়াস্থিত এপেক্স বেংকৰ শাখা প্ৰৱন্ধক ৰণেশ্বৰ বৈশ্য, সহকাৰী আয়ুক্ত কবিতা ফাংছ’, বিষয়া-কৰ্মচাৰী, জিলাখনৰ ১১খন সমবায়ৰ লগতে সৰু সৰু সমবায়সমূহ আৰু আত্মসহায়ক গোটৰ সদস্য আদিয়ে অংশগ্ৰহণ কৰে। তদুপৰি সভাস্থলীৰ চৌহদত বিভিন্ন আত্মসহায়ক গোটৰ সদস্যই নিজৰ উৎপাদিত সামগ্ৰীৰ বিপণীও স্থাপন কৰে বুলি জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।

  • Related Posts

    • Current
    • August 10, 2025
    • 2 views
    • 2 minutes Read
    Baksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth

    Telegram

    TelegramTweetBaksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth Baksa, August 10: In a significant step towards strengthening road connectivity in the region, Hon’ble Chief Minister Dr.…

    • Current
    • August 10, 2025
    • 4 views
    • 1 minute Read
    BTCতো চলিব নেকি উচ্ছেদ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

    Telegram

    TelegramTweetBTCতো চলিব নেকি উচ্ছেদ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া   ১০ আগষ্টঃ বোদোলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল (BTC)ৰ অন্তৰ্গত অঞ্চলসমূহত উচ্ছেদ অভিযান চলাব নে নাই সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *