আদিংগিৰী পাহাৰৰ ভূমি দখল কাণ্ড: মহিলা সমিতিৰ প্ৰতিবাদ আৰু অভিযোগ
কিন্তু স্থানীয় ৰাইজ আৰু মহিলা সমিতিৰ অভিযোগ অনুসৰি, এই দান দিয়া ভূমিত বৰ্তমান ভূমি মাফিয়াৰ চকু পৰিছে। সমিতিৰ অভিযোগ, কংগ্ৰেছ নেতা দ্বিপেন চাংমা নামৰ এজন ব্যক্তিয়ে কংগ্ৰেছী গুণ্ডা-সহায়ত ভাড়া কৰা লোকৰ সহায়ত বলোপূৰ্বকভাৱে ভূমি দখলৰ চেষ্টা কৰিছে।
মহিলা সমিতিৰ সদস্অয ৰুপ কলিতা, যিয়ে নৰেন তালুকদাৰৰ কেয়াৰটেকাৰ আছিল, তেওঁ দখলকাৰীক সহায় কৰাৰ সন্দেহ উঠিছে। ঘটনাৰ তীব্ৰতা তিনিদিন পূৰ্বে তুঙ্গত উঠিল, যেতিয়া দ্বিপেন চাংমাই গুণ্ডাবাহিনী লৈ ভূমিখিনি দখল কৰিবলৈ আহে। কিন্তু মহিলা সমিতিৰ সাহসী প্ৰতিবাদে তেওঁলোকক নিশাই খেদি পঠিয়ায়।
এই ঘটনাৰ পাছতে মহিলা সমিতিয়ে মালিগাঁৱৰ গোচালা আৰক্ষী থানাত আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰ কাষ চাপিছে। তেওঁলোকৰ দাবী — এই ভূমিদৰা নৰেন তালুকদাৰৰ ইচ্ছা অনুযায়ী সামাজিক উন্নয়নমূলক কামত ব্যৱহাৰ হ’ব লাগে, আৰু কোনো গুণ্ডা-মাফিয়াক ইয়াত দখল কৰিবলৈ নেদিয়ে।
উল্লেখযোগ্য যে, ভূমিখনৰ ওপৰত এতিয়া কা’ৰ দখল — সেই বিষয়ে পৰিষ্কাৰ তদন্ত আৰু চৰকাৰী পদক্ষেপৰ অপেক্ষাত অঞ্চলবাসী আৰু মহিলা সমিতি।