
গোৰ্খালী লোক সকলে পালন কৰা তিহাৰ উৎসৱটিৰ অন্তিম পৰ্বটো হল ভাই ফোটা৷ এই পৰ্ব শুক্ল পক্ষৰ দ্বিতীয়া তিথিত অনুষ্ঠিত হয়৷ উৎসৱটিৰ এই পৰ্বটো বিশেষকৈ ভগ্নী সকললৈ উৎসৰ্গিত৷ ইয়াত ভগ্নীয়ে ভাই ফোটা পৰ্বৰ সকলো আয়োজনৰ গুৰি ধৰে৷ এই আয়োজনে এজন ভাতৃ বা ভ্ৰাতাৰ বাবে এসাজ জলপান, ভাতৰ পৰা আৰম্ভ কৰি পৰ্বটিত প্ৰয়োজন হোৱা সকলো বস্তু-সামগ্ৰী, উপহাৰ ইত্যাদিবোৰক সামৰে৷ এই ভাই ফুটা পৰ্বত ভগ্নী বা বাইদেউয়ে ভাই- ককায়েকক কপালত ফোট দিয়ে৷ ভাই বা ককায়েকক নিজ হাতেৰে এঢোক দৈ পান কৰাই ভাই ফোটা আৰম্ভ কৰে৷ এই ফোটা উৰ্ধকাৰে লগোৱা হয়৷ ইয়াত সাতটা ৰঙৰ সমষ্টি থাকে৷ এই ভাই ফুটা উপলক্ষ্যত কেৱল নাৰ্জি ফুল ব্যৱহাৰ কৰা হয়৷ ভগ্নী বা বাইদেউ ভাই ফুট প্ৰদান কৰি ভাই/ককায়েকৰ দীৰ্ঘায়ু তথা যশ-কৃতিৰ কামনা কৰে৷ এই পৰ্বটোত ভগ্নী বা বাউদেউৰ হাতৰ পৰা ফুট গ্ৰহণ কৰা পিছত ভায়েক বা ককায়েকেও ভগ্নী বা বাইদেউক ফুট প্ৰদান কৰি, সুখী জীৱনৰ কামনা কৰে৷ ফুট বিনিময়ৰ অন্তত উপহাৰসমুহৰ আদান-প্ৰদান আৰু চাহ- জলপান, এসাজ ভাতৰ আয়োজন হয়।