আজি ডিমাকুচি চাহবাগিছা খেলপথাৰত অনুষ্ঠিত ঝুমুৰ নৃত্য প্ৰশিক্ষণৰ অন্তিম দিনত অংশগ্ৰহণ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

  • Current
  • January 31, 2025
  • 0 Comments
Telegram

আজি ডিমাকুচি চাহবাগিছা খেলপথাৰত অনুষ্ঠিত ঝুমুৰ নৃত্য প্ৰশিক্ষণৰ অন্তিম দিনত অংশগ্ৰহণ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। বিশ্ব অভিলেখ স্থাপন কৰাৰ লক্ষ্যৰে আৰম্ভ হোৱা এই প্ৰশিক্ষণত শতাধিক ঝুমুৰ শিল্পীৰ অংশগ্ৰহণে এক নতুন অধ্যায় সৃষ্টি কৰিছে।

প্ৰশিক্ষণৰ অন্তিম দিনটোত উপস্থিত থাকি আমি প্রত্যক্ষ কৰিলোঁ শিল্পীসকলৰ নিষ্ঠা, অধ্যৱসায় আৰু সংস্কৃতিৰ প্ৰতি গভীৰ ভালপোৱা। সমষ্টিৰ প্ৰতিজন ঝুমুৰ শিল্পী আজি এই ঐতিহাসিক মুহূর্তৰ সাক্ষী হৈ ৰৈ গ’ল। তেওঁলোকৰ প্ৰতিটো নৃত্যভংগীমা যেন অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক অনুপম প্ৰতিফলন।

 

বিশ্ব অভিলেখ গঢ়াৰ এই যাত্ৰাত সকলো শিল্পী, প্ৰশিক্ষক আৰু সংগঠকসকলৰ অৱদান অপৰিসীম। স্থানীয় লোকসকলৰ উৎসাহ, পৰিশ্ৰম আৰু দলগত ঐক্যই এই অনুষ্ঠানক সফলতাৰ উচ্চ শিখৰত উপনীত কৰিছেহি।

 

এই ঐতিহাসিক পদক্ষেপ অসম আৰু বিশেষকৈ টী-জনজাতিৰ সাংস্কৃতিক পৰিচয় সুৰক্ষিত ৰাখিবলৈ এক বৃহৎ পদক্ষেপ হিচাপে গণ্য হব। জয় জননী, জয় অসম, জয় ঝুমইৰ বিনন্দিনী!

 

  • Related Posts

    • Current
    • September 12, 2025
    • 4 views
    • 1 minute Read
    ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

    Telegram

    TelegramTweetডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু   ডিগবৈৰ নাজিৰাটিং তামুলী বন গাঁৱত আজি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাঁৱখনৰ বাসিন্দা মতেশ্বৰ মৰাণ নামৰ এজন ব্যক্তিৰ মৃত্যু হয় বনৰীয়া হাতীৰ আক্ৰমণত।  …

    • Current
    • September 12, 2025
    • 6 views
    • 1 minute Read
    চামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান

    Telegram

    TelegramTweetচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান   চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছ দলে বৰ্তমান গোপন রাজনৈতিক তৎপৰতাত মগ্ন। কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা কথাতেই তীব্ৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *