BTR NEWS

আজিৰে পৰা তামুলপুৰৰ হস্তীনাপুৰত হিন্দু জাগৰণ মহাসভা ও ১৫ সংখ্যক শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ আৰু শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞ।

Telegram

আজিৰে পৰা তামুলপুৰৰ হস্তীনাপুৰত হিন্দু জাগৰণ মহাসভা ও ১৫ সংখ্যক শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ আৰু শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞ।

 

পুৱা স্বচ্ছ অভিযান,বৃক্ষ ৰূপনৰ পিছতে মুখ্যদ্বাৰ উন্মোচন কৰে BTR ৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে। পুৱাৰে পৰা আজি শান্তি আশ্ৰমত সূচনা হৈছে এক আধাত্মিক পৰিৱেশৰ। ব্ৰাহ্মণৰ মন্ত্ৰ পাঠেৰে মুখৰিত হৈছে শান্তি আশ্ৰমৰ বাকৰি।

 

হিন্দু মহাসভা আৰু বিষ্ণুযজ্ঞৰ আজি প্ৰথম কাৰ্যসূচী হিচাবে উলিওৱা হয় এক বিশাল বাইক ৰেলী। স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে মুকলি কৰা বাইক ৰেলীত অংশ লৈছে প্ৰায় এক সহস্ৰাধিকৰো অধিক লোকে।

 

বাইক ৰেলীত জয় শ্ৰী ৰাম ধনীৰে কেইবাকিলোমিটাৰ পথ অতিক্ৰম কৰি পুনৰ শান্তি আশ্ৰমত সামৰণি পৰিব এই বিশাল ৰেলীৰ।উল্লেখ যে, অহাকালি হিন্দু মহাসভাৰ বিশাল ধর্মীয় আলোচনা সভাত মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলনৰ অধ্যাপক দিগন্ত বিশ্বশৰ্মাৰ লগতে আন বহু লোকে।

Exit mobile version