
অৰুণোদয়ৰ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত মন্ত্ৰীৰ মুকলি হস্তক্ষেপ — ৰাইজৰ সন্মুখত মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
অৰুণোদয় আঁচনিত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি। সম্প্ৰতি এখন সভাত জনগণৰ সন্মুখত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰি উলিয়ালে এক বিতর্কিত মন্তব্য।
তেওঁ ক’লে —
“অৰুণোদয়ৰ ফৰ্ম কোনে নিছে বাদ দিয়ক। মই অভিভাৱক মন্ত্ৰী, শেষ চহী মইহে মাৰিম।”
তেওঁৰ এই মন্তব্যে চৰকাৰী আঁচনিৰ বাছনি প্ৰক্ৰিয়া লৈ স্বচ্ছতা আৰু ন্যায়িকতাৰ প্ৰশ্ন তুলিছে। বহুতে এই বক্তব্যক স্থানীয় স্বশাসন আৰু অধিকারক হৰণ কৰা বুলি মন্তব্য কৰিছে।
অৰুণোদয় আঁচনি অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ জনকল্যাণমূলক আঁচনি, যাৰ জৰিয়তে ৰাজ্যৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহক মাসিক ধনৰাশি প্ৰদান কৰা হয়। এনে এক আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন সম্পূৰ্ণ নিয়মীয় আৰু প্রশাসনিক প্ৰক্ৰিয়াৰ জৰিয়তে হ’ব লাগে, সেয়া বহুতে বিশ্বাস কৰে।
এতিয়া জনসাধাৰণৰ মাজত প্ৰশ্ন — “সঁচাকৈয়ে কি হ’ব নিয়মৰ ভূমিকা? যদি শেষ সিদ্ধান্ত একেটি ব্যক্তিৰ হাতত?”
বিষয়টো লৈ রাজনৈতিক আৰু সামাজিক মহলত বিতৰ্ক
আৰম্ভ হৈছে।