BTR NEWS

অৰুণাচল প্ৰদেশ ফুটবল উন্নয়নৰ বাবে নৰ্থইষ্ট ইউনাইটেড এফ চিৰ বিশেষ পদক্ষেপ।

Telegram

অৰুণাচল প্ৰদেশ ফুটবল উন্নয়নৰ বাবে নৰ্থইষ্ট ইউনাইটেড এফ চিৰ বিশেষ পদক্ষেপ।

 

নামছাইত অনুষ্ঠিত ২৩ সংখ্যক বাৰ্ষিক সাধাৰণ সংস্থাৰ বৈঠকত নৰ্থইষ্ট ইউনাইটেড এফ চিৰ স্বত্বাধিকাৰী তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া উন্নয়নৰ এক নিষ্ঠাবান প্ৰচাৰক জন আব্ৰাহামে অৰুণাচল প্ৰদেশ ফুটবল এছ’চিয়েশ্যন (এপিএফএ)-ৰ সৈতে এক গুৰুত্বপূর্ণ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

 

এই চুক্তিৰ প্ৰধান লক্ষ্য হৈছে অৰুণাচল প্ৰদেশৰ তৃণমূল পৰ্যায়ত ফুটবলৰ অধিক উন্নতি সাধন। এই অংশীদাৰিত্বৰ জৰিয়তে স্থানীয় পৰ্যায়ৰ প্ৰতিভাসমূহক লালন-পালন কৰা হ’ব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰত উন্নতি ঘটোৱা হ’ব। জন আব্ৰাহামে কৈছে যে, “উত্তৰ-পূৰ্বাঞ্চলত খেলধূলা বিশেষকৈ ফুটবলৰ সম্ভাৱনা অপাৰ। এই প্ৰচেষ্টাৰ জৰিয়তে আমি নতুন পুৰাণ প্ৰতিভাসমূহ উন্মোচন কৰি বৃহৎ মঞ্চলৈ নিছোৱাৰ চেষ্টা কৰিম।”

 

এপিএফএৰ জড়িত বিষয়ববীয়াসকলে এই পদক্ষেপক গৌৰৱান্বিত কৰি কৈছে যে, এই অংশীদাৰিত্ব অৰুণাচলৰ তৃণমূল ফুটবল খেলুৱৈসকলৰ বাবে এক গেম চেঞ্জাৰ ৰূপে পৰিগণিত হ’ব। জন আব্ৰাহামৰ নেতৃত্বত নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ফুটবল উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

 

এই চুক্তিৰ মাধ্যমে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া সংস্কৃতিয়ে এখন নতুন দিশ লাভ কৰিব বুলি আশা কৰা হৈছে। অৰুণাচল প্ৰদেশৰ ক্ৰীড়াপ্ৰেমী জনতাই জন আব্ৰাহামৰ এই প্ৰচেষ্টাক আদৰি লৈ তেওঁক শুভেচ্ছা জনাইছে।

 

উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল বিকাশৰ এই উদ্যোগে অঞ্চলটোৰ ক্ৰীড়া ক্ষেত্ৰত এক দীপশিখাৰ দৰে জ্বলিব

বুলি আশা।

 

Exit mobile version