BTR NEWS

অৰুণাচল প্ৰদেশত NSCN (IM) ৰ মেজৰ ফুলেশ্বৰ গগৈ আত্মসমৰ্পণ

Telegram

অৰুণাচল প্ৰদেশত NSCN (IM) ৰ মেজৰ ফুলেশ্বৰ গগৈ আত্মসমৰ্পণ

 

অৰুণাচল প্ৰদেশৰ লংডিং জিলাত সোমবাৰে নিশা NSCN (IM) ৰ মেজৰ ফুলেশ্বৰ গগৈ ওৰফে নং এছ টাংচা (৩০)য়ে অস্ত্ৰ-হস্ত্ৰসহ আত্মসমৰ্পণ কৰিছে। প্ৰায় ৰাতি ৮ বজাৰ সময়ত তেওঁ লংডিং জিলাৰ আৰক্ষীৰ অধিক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে।

 

মেজৰ ফুলেশ্বৰ গগৈৰ ঘৰ অৰুণাচল প্ৰদেশৰ পেঙেৰীৰ মাইচাংপানীত বুলি জানিব পৰা গৈছে। তেওঁৰ পিতৃৰ নাম কুশেশ্বৰ গগৈ। সেনা গুপ্তচৰ বিভাগ আৰু অসম ৰাইফলছে দীৰ্ঘদিন ধৰি তেওঁ আত্মসমৰ্পণ কৰিব বুলি তথ্য লাভ কৰিছিল।

 

আত্মসমৰ্পণৰ সময়ত ফুলেশ্বৰ গগৈয়ে এটা AK-47 ৰাইফলছ, এটা মেগজিন, এটা মোবাইল ফোন, আৰু ৩০ ৰাউণ্ড সক্ৰিয় গুলী জমা দিয়ে।

 

এই আত্মসমৰ্পণক ভাৰতীয় সেনাৰ চোৰাংচোৱা বিভাগ, অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ এক বৃহৎ সাফল্য বুলি গণ্য কৰা হৈছে।

 

Exit mobile version