
অসম খো-খো সন্থাৰ তত্বাৱধানত আৰু তামুলপুৰ জিলা খো-খো সন্থাৰ সহযোগত তামুলপুৰ জিলাৰ কচুবাৰী ক্ৰীড়া সংঘৰ উদ্যোগত ১৮ সংখ্যক সদৌ অসম আন্তঃজিলা পুৰুষ-মহিলা (চিনিয়ৰ) খো খো প্রতিযোগিতাখনি অহা ৮, নবেম্বৰৰ পৰা ১০ নৱেম্বৰ, ২০২৪ তাৰিখলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত কচুবাৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত।
ইতিমধ্যে আয়োজক সমিতিয়ে জানিব দিয়া অনুসৰি ৯০ শতাংশ কাম সম্পন্ন কৰি তুলিছে।
আজি দিনৰ ভাগত বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে আয়োজন সমিতিৰ সৈতে কচুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পৰিদৰ্শন কৰে।
উল্লেখ্য যে ২০২৩ চনৰ মাৰ্চ মাহত তামুলপুৰ বিটিআৰ চৰকাৰৰ উদ্যোগত 4 Th Asian Kho Kho Championship আয়োজন কৰা হৈছিল য’ত ১০ খন দেশে অংশগ্ৰহণ কৰিছিল আৰু সেই প্ৰতিযোগিতা খনত ভাৰতৰ পুৰুষ মহিলা উভয়ে খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।