অহা ২৮ আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হব সদৌ বি টি আৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নালাপাৰা আৰু ৰাজাগড় আঞ্চলিক সমিতিৰ দ্বাদশ দ্বী বাৰ্ষিক অধিৱেশন।
আদৰণি সমিতিৰ উপ সভাপতি প্ৰশান্ত মজুমদাৰে আঁত ধৰা অনুষ্ঠানত BTR বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি তথা বৰ্তমানৰ বিজেপিৰ জেষ্ট নেতা শ্যামল সৰকাৰৰ উপস্থিতিত আজি সংগঠনৰ কর্মী সকলে আনুষ্ঠানিক ভাৱে নাম/কীৰ্তন কৰি স্থাপন কৰে অধিৱেশনৰ লাইখুটা।
বঙালী জাতিৰ কৃষ্টি,সংস্কৃতিৰে জীপাল হব লগা অধিৱেশন স্থলীত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক মণ্ডলীয়ে।
যৌথ ভাৱে দুয়োটা আঞ্চলিক সমিতিৰ এই দ্বাদশ দ্বী বাৰ্ষিক অধিৱেশনৰ বাবে উখল মাখল পৰিৱেশ সৃষ্টি হয় আজিৰে পৰা।
বাৰেৰহনীয়া শোভাযাত্ৰাৰ লগতে বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হব এই অধিৱেশন। লগতে অনুষ্ঠানৰ অন্তিম দিনা সাংস্কৃতিক সন্ধিয়া পৰিৱেশন কৰিব জনপ্ৰিয় গায়িকা মৰ্মিতা মিত্ৰই বুলি জানিব দিয়ে আদৰণি সমিতিৰ সভাপতি বিজয় বৈশ্য,সম্পাদক ৰাম সৰকাৰে।